অলিম্পিয়া প্ৰতিবেদন
নলবাৰী জিলা টাইকোৱানডাে সন্থাৰ উদ্যোগত তথা মাৰচেল টাইকোৱানডাে ট্রেইনিং চেণ্টাৰৰ সহযোগত দেওবাৰে আয়োজিত তৃতীয় বার্ষিক আন্তঃক্লাব আৰু আমন্ত্রণমূলক টাইকোৱানডাে প্রতিযােগিতাত বৰপেটাৰোড টাইকোৱানডাে একাডেমিয়ে বিশেষ সফলতা অর্জন কৰিছে।
একাডেমীখনে সৰ্বমুঠ ৭টা সোণ, ৭টা ৰূপৰ পদকৰ লগতে ৫টা ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ প্ৰতিযোগিতাখনত উজলি উঠে। একাডেমীখনৰ কৃষ্ণ দাস,আয়ুস্মিতা দাস,জ্যোতিস্মিতা দাস, কীৰ্তিৰাজ দেউৰী,ৰিতুল নাথ,নিকি বৰ্মন,জিতিষা সন্যাসীযে সোণৰ পদক লাভ কৰাৰ বিপৰীতে ৰূপৰ পদক লাভ কৰে ক্ৰমে আয়ন তালুকদাৰ,ৰাজনন্দন দেউৰী,কংকণা দাস,সুস্মিতা বৰ্মন,হিয়া নাথ,বিভৱ জ্যোতি নাথ আৰু ৰাজদ্বীপ নাথে। ইপিনে জবেৰ কবিৰ, দ্বীপ বড়ো, মৈত্ৰী কাশ্যপ,ৰাহুল স্বৰ্গীয়াৰী, স্বৰ্ণদ্বীপ দাসে লাভ কৰে ব্ৰঞ্জৰ পদক।