আন্তঃজিলা ছিনিয়ৰ ফুটবল: গুৱাহাটীক বিমুখ কৰি ফাইনেলত ওদালগুৰি

অলিম্পিয়া প্ৰতিবেদন

ক্ষীৰোদ বৰুৱা ট্ৰফী ৬৯ সংখ্যক আন্তঃজিলা ছিনিয়ৰ ফুটবলত গুৱাহাটীক পৰাস্ত কৰি ফাইনেলত উপনীত হ’ল ওদালগুৰি। অসম ফুটবল সন্থাৰ সৌজন্যত চৰাইদেও জিলা ক্ৰীড়া সন্থাই সোণাৰী ৰাজহুৱা খেলপথাৰত আয়োজিত এই চেম্পিয়নশ্বিপৰ দ্বিতীয়খন ছেমি ফাইনেলত ওদালগুৰিয়ে একমাত্ৰ গ’লত পৰাস্ত কৰে গুৱাহাটীক।

তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনৰ ২৯ মিনিটত ১০ নং জাৰ্চি পৰিহিত ওদালগুৰিৰ নচিব চোৰেনে অপূৰ্ব দক্ষতাৰে নিৰ্ণায়ক গ’লটো কৰে। এই পৰাজয়ৰ লগে লগে গুৱাহাটীয়ে ছেমি ফাইনেলতে নিজৰ অভিযান সামৰে। মেচখনত গুৱাহাটীয়ে গ’ল দিয়াৰ বহু বহু সুযোগ লাভ কৰিও স্ক’ৰ কৰাত ব্যৰ্থ হয়। প্ৰথম ২০ মিনিটৰ ভিতৰতে গুৱাহাটীয়ে কেইবাটাও গ’ল ক’ৰাৰ সুযোগ অথলে নিয়ায়। ওদালগুৰিৰ হৈ স্ক’ৰাৰ নচিব চোৰেনৰ লগতে গ’লৰক্ষক অৰূপ বসুমতাৰীয়ে অপূৰ্ব খেল প্ৰদৰ্শন কৰে।

মেচৰ শেষত গুৱাহাটী দলৰ প্ৰশিক্ষক উত্তেজিত হৈ ৰেফাৰীক আক্ৰমণ কৰাত দৰ্শক উত্তেজিত হৈ পৰে। আনকি চৰাইদেও আৰক্ষী অধীক্ষকে হস্তক্ষেপ কৰি পৰিস্থিতি চম্ভালিব লগীয়া হয়। খেল পৰিচালনা কৰে ৰূপজ্যোতি মহন, অসীম হাজৰিকা, কিৰণ মিলি আৰু চতুৰ্থ ৰেফাৰী ৰেফাৰী কপিল চেতিয়াই। অহা ২৫ অক্টোবৰৰ সোমবাৰৰ ফাইনেলত ওদালগুৰিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব।

Leave a Reply

Your email address will not be published. Required fields are marked *