লকডাউনৰ মাজতে দুই ক্ৰীড়া তাৰকাৰ বিয়া; নিমন্ত্ৰণী পত্ৰত চৰকাৰী নীতি নিৰ্দেশনা

অলিম্পিয়া বাৰ্তা

এখন বিয়া। মাস্ক, চেনিটাইজাৰ, সামাজিক দূৰত্ব মানি চলিবলৈ সুবিধা হোৱাকৈ এটা প্ৰেক্ষাগৃহ ইতিমধ্যে সাজু কৰি তোলা হৈছে। বচা বচা ৬০ গৰাকী অতিথিলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে বিশেষ নিমন্ত্ৰণী পত্ৰ। নিমন্ত্ৰণী পত্ৰত উল্লেখ আছে চৰকাৰী ক’ভিড-১৯ ৰ নীতি নিৰ্দেশনা। এনেদৰেই এতিয়া লকডাউনৰ মাজতে কঠোৰ নীতি নিয়মৰ মাজেৰে দেশৰ শীৰ্ষ আৰ্চাৰদ্বয় দীপিকা কুমাৰী আৰু অতনু দাস বিবাহপাশত আবদ্ধ হ’ব। অহা ৩০ জুন তাৰিখে ৰাচীৰ মোৰাবাদী নামৰ ঠাইত অনুষ্ঠিত হ’ব এই বিবাহ অনুষ্ঠানৰ।

“বিবাহ অনুষ্ঠানলৈ অহা প্ৰতিগৰাকী অতিথিকে মাস্ক, চেনিটাইজাৰ আদি প্ৰদান কৰা হ’ব। সামাজিক দূৰত্ব যাতে বজাই ৰাখিব পাৰি, তাৰ বাবে আমি এটা বিশাল প্রেক্ষাগৃহ ঠিক কৰিছো। আমি একো বস্তুই স্পৰ্শ নকৰো। আমি আমাৰ লগতে অতিথিসকলৰ নিৰাপত্তাৰ কথাটোও বিবেচনা কৰিছোঁ।” সংবাদ প্ৰতিষ্ঠান পি টি আইৰ আগত এইদৰে কয় দীপিকা কুমাৰীয়ে।

“অতিথিসকল অহাৰ ক্ষেত্ৰত আমি দুটা সময়সীমা ধৰি দিছোঁ। প্ৰথম পৰ্যায়ত ৫ ৰ পৰা ৭.৩০ বজালৈ ৫০ জন অতিথি উপস্থিত থাকিব। বাকী ৫০ জন পৃথক সময়সূচী অনুযায়ী উপস্থিত থাকিব। পৰিয়ালৰ লোকসকলো ঘৰৰ ভিতৰতে থাকিব।” দীপিকাই লগতে কয়।

উক্ত বিবাহ অনুষ্ঠানত ভাৰতীয় আৰ্চাৰী সন্থাৰ নৱনিযুক্ত অধ্যক্ষ অৰ্জুন মুণ্ডা উপস্থিত থকাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে দীপিকা কুমাৰীৰ কেৰিয়াৰ গঢ় দিয়াৰ ক্ষেত্ৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ যথেষ্ট ভূমিকা আছিল।

উল্লেখযোগ্য যে বিশ্বৰ এক নং ৰেংকিঙৰ আৰ্চাৰ দীপিকা কুমাৰী আৰু আনগৰাকী আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰ অতনু দাসৰ যোৱা ২০১৮ বৰ্ষতে বাগদান সম্পন্ন হৈ যায়।

দুয়োগৰাকী আৰ্চাৰে ইতিমধ্যে অলিম্পিকত নিজৰ স্থান নিশ্চিত কৰিছে। ২০১৯ চনত ৱৰ্ল্ড চেম্পিয়নশ্বিপত ৰূপৰ পদক জিকাৰ সুবাদত ভাৰতীয় পুৰুষ দলে অলিম্পিকলৈ নিৰ্বাচিত হয়। উক্ত পুৰুষ দলৰ এজন সদস্য অতনু দাস। তাৰ বিপৰীতে দুবাৰকৈ অলিম্পিকৰ অভিজ্ঞতা লাভ কৰা দীপিকাই তৃতীয়বাৰৰ বাবে অলিম্পিকত অংশ ল’ব।



Leave a Reply

Your email address will not be published. Required fields are marked *