IPL ৰ নিলামৰ পিছতেই প্ৰীতি জিণ্টাক সাক্ষাৎ কৰিবলৈ উদগ্ৰীব হৈ আছে শ্বাহৰুখ খান

পঞ্জাৱ কিংছে বৃহস্পতীবাৰে চেন্নাইত অনুষ্ঠিত হোৱা IPL ৰ মিনি নিলামত শ্বাহৰুখ খানক ৫.২৫ কোটি টকাত ক্ৰয় কৰিলে। তামিলনাডুৰ এই অলৰাউণ্ডাৰ গৰাকীৰ প্ৰাৰম্ভিক মূল্য নিৰ্ধাৰণ কৰা হৈছিল ২০ লাখ টকা। নিৰ্ধাৰিত মূল্যতকৈ ২৬ গুণতকৈ অধিক ধনৰ বিনিময়ত শ্বাহৰুখক পঞ্জাৱে ক্ৰয় কৰাত এতিয়া উৎফুল্লিত হৈ পৰিছে শ্বাহৰুখ।

সংবাদ মাধ্যমৰ আগত তেওঁ এই বিষয়ত কয় যেন, কোনোবা এটা ফ্ৰেন্সাইজিয়ে ক্ৰয় কৰিব বুলি মোৰ বিশ্বাস আছিল। যোৱাবছৰো মই নিলামৰ চূড়ান্ত তালিকাত আছিলোঁ। এইবাৰ চৈয়দ মুস্তাক আলী টুৰ্ণামেণ্টত মোৰ প্ৰদৰ্শন উন্নত আছিল যাৰ বাবে কেইবাটাও দলে মোৰ ট্ৰায়েল লৈছিল। তেতিয়াই মোৰ ধাৰণা হৈছিল এইবাৰ কোনোবা এটা ফ্ৰেন্সাইজিয়ে মোক ক্ৰয় কৰিব।

আনহাতে নিৰ্ধাৰিত মূল্যতকৈ ২৬ গুণতকৈ অধিক ধনৰ বিনিময়ত পঞ্জাৱে তেওঁক ক্ৰয় কৰাত তেওঁ আশ্চৰ্য প্ৰকাশ কৰি কয় যে, মই ইমান বেছি আশা কৰা নাছিলোঁ। ভাবিছিলোঁ কোনোবা এটা ফ্ৰেন্সাইজিয়ে মোক ৫০ লাখ মানত ক্ৰয় কৰিব। পঞ্জাৱে মোক ইমান বৃহৎ মূল্যণ ক্ৰয় কৰাৰ বাবে ভাল লাগিছে।

ইফালে পঞ্জাৱৰ স্বত্বাধিকাৰী প্ৰীতি জিণ্টাক সাক্ষাৎ কৰাৰ উপৰিও কিম্বদন্তী স্পীনাৰ অনিল কুম্বলেৰ তত্বাৱধানত শিকিবলৈ ক্ৰিকেটাৰগৰাকী উদগ্ৰীব হৈ আছে বুলি জানিবলৈ দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *