ইৰফান পাঠানৰ দ্বিতীয় ইনিংছ, অভিনেতাৰ ৰূপত দেখা পোৱা যাব প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক

অলিম্পিয়া বাৰ্তা

জীৱনৰ দ্বিতীয়টো ইনিংছ মুকলি কৰিবলৈ ওলাইছে প্ৰাক্তন ভাৰতীয় অল ৰাউণ্ডাৰ ইৰফান পাঠানে। এইবাৰ অভিনেতাৰ ৰূপত দেখা পোৱা যাব প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক।

দক্ষিণৰ জনপ্ৰিয় অভিনেতা বিক্ৰমৰ ‘কোব্ৰা’ নামৰ বোলছবিখনত এগৰাকী ইন্টাৰপ’ল বিষয়াৰ ৰূপত দেখা পোৱা যাব ইৰফানক। উল্লেখযোগ্য যে যোৱা বছৰ ছবি খনৰ নির্মাতাই ইৰফান পাঠানক খলনায়কৰ ভূমিকাত অভিনয় কৰিব বুলি ঘোষণা কৰিছিল।

ইতিমধ্যে ইৰফান পাঠানে সামাজিক মাধ্যমত ছবি খনৰ কেইখনমান স্থিৰ চিত্ৰ প্ৰকাশ কৰিছে যদিও তেওঁৰ চৰিত্ৰটোৰ বিষয়ে সবিশেষ প্ৰকাশ কৰা নাই।

https://twitter.com/IrfanPathan/status/1287378638162149376?s=20

অজয় নানামুথুৰ দ্বাৰা পৰিচালিত ছবিখনৰ মূল চৰিত্ৰত বিক্ৰমে অভিনয় কৰিব। যোৱা ফেব্ৰুৱাৰীত ছবি খনৰ পোষ্টাৰ মুকলি কৰা হৈছিল য’ত অভিনেতা বিক্ৰমক সাতটা ভিন্ন ৰূপত দেখা পোৱা গৈছিল।

ছবি খনৰ অধিকাংশ দৃশ্যৰ চিত্ৰগ্ৰহণ ৰাছিয়াত হোৱা কথা আছিল যদিও কৰোনা মহামাৰীৰ বাবে দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিব পৰা ন’গল। পৰিস্থিতি সাম কাটিলেই বাকী থকা অংশৰ দৃশ্যগ্ৰহণ সম্পন্ন হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে ছবিখনৰ নিৰ্মাতাই।

উল্লেখযোগ্য যে কেইদিনমানৰ আগতে ছবিখনৰ এটি গীত মুকলি কৰি দিয়া হৈছে য’ত সংগীত দিছে অস্কাৰ বিজয়ী এ আৰ ৰহমানে।



Leave a Reply

Your email address will not be published. Required fields are marked *