অলিম্পিয়া প্ৰতিবেদন
বিজয় হাজাৰে এদিনীয়া ক্ৰিকেট টুৰ্ণামেণ্টৰ আৰম্ভণি দিনটোতে বিস্ফোৰক ৰূপত দেখিবলৈ পোৱা গ’ল ঝাৰখণ্ডৰ বেটছমেন ঈশান কৃষাণক। আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলা বেটছমেনজনে আজিৰে পৰা আৰম্ভ হোৱাৰ টুৰ্ণামেণ্টৰ প্ৰথমখন মেচত মধ্য প্ৰদেশৰ বলিং আক্ৰমণক টছনছ কৰি প্ৰথমৰ পৰাই আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে। ১১ টা ছিক্সৰে তেওঁ ৯৪ টা বলত সংগ্ৰহ কৰে ১৭৩ ৰান।
তেওঁৰ ইনিংছৰ সহায়তে ঝাৰখণ্ডে নিৰ্ধাৰিত ৫০ অভাৰত মধ্য প্ৰদেশৰ সমুখত ৪২৩ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। ৪২৩ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ নমা মধ্য প্ৰদেশে বাতৰি লিখা পৰ্যন্ত ৬ টা উইকেট হেৰুৱাই ৮০ ৰান সংগ্ৰহ কৰিছে।
You may also like
নৰেন্দ্ৰ মোদী ষ্টেডিয়াম উদ্বোধনী অনুষ্ঠানত অমিত শ্বাহে দেখুৱালে ভাৰতৰ ক্ৰীড়াৰ সোণালী দিনৰ সপোন
আই পি এলত এৰাতিৰ ভিতৰতে কোটিপতি হ’ল টেম্প’চালকৰ পুত্ৰ
নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ধন্যবাদ জনালে সৌৰভ গাংগুলীয়ে
বিজয় হাজাৰেৰ দ্বিতীয় মেচত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ অসমৰ
মণ্টিনেগ্ৰ’ এড্ৰিয়াটিক পাৰ্ল বক্সিং টুৰ্ণামেণ্টত ভাৰতীয় মহিলাৰ আধিপত্য : পাঁচটা স্বৰ্ণৰ সৈতে মুঠ ১০ টা পদকেৰে শীৰ্ষত ভাৰত