জে কে বৰুৱা ক্ৰিকেটত চেম্পিয়ন নলবাৰী

অলিম্পিয়া প্রতিবেদন

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজিত ১৯ বৰ্ষৰ অনুর্ধ জে কে বৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছে নলবাৰীয়ে।

গোলাঘাট ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ চূড়ান্ত খেলত প্ৰথম ইনিংছত লাভ কৰা অগ্ৰগতিৰে নলবাৰী জিলাই শিলচৰক পৰাস্ত কৰে। প্ৰতিযোগিতাত টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ নমা শিলচৰে ৭০.৩ অভাৰত ১৭০ ৰানতে নিজৰ ইনিংছ সামৰে। প্রত্যুত্তৰত বৰষুণে বিঘ্নিত কৰা মেচখনত নলবাৰীয়ে প্ৰথম ইনিংছত ৪৬ অভাৰত ৩ টা উইকেটৰ বিনিময়ত ১৯৫ ৰান সংগ্ৰহ কৰি অগ্ৰগতি লাভ কৰে। নলবাৰীৰ হৈ নীহাৰ ডেকাই ১০৯ ৰানৰ উল্লেখযোগ্য বৰঙণি আগবঢ়ায়। শতকৰ লগতে বিপক্ষৰ ৫ টা উইকেট লাভ কৰা নীহাৰ ডেকাই মেন অৱ দ্য মেচৰ খিতাপ লাভ কৰে।

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা নীহাৰ ডেকা

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা নীহাৰ ডেকা, গুৱাহাটীৰ ৰোহন হাজৰিকাই শ্ৰেষ্ঠ বেটছমেন, শিলচৰৰ পৰীক্ষিত বনিকে শ্ৰেষ্ঠ বলাৰ আৰু নলবাৰীৰ মিৰ্জা গালিবে শ্ৰেষ্ঠ উইকেটৰক্ষকৰ বঁটা লাভ কৰে। প্ৰতিযোগিতাৰ অন্তত আয়োজিত বঁটা বিতৰণী সভাত উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, উপ সভাপতি পৰীক্ষিত দত্ত, জিলা ক্রীড়া সন্থাৰ সম্পাদক ডঃ অজিত বৰুৱা, উপ সভাপতিদ্বয় ডঃ নৃপেন বৰুৱা, দীনেশ গগৈ, সাধাৰণ সম্পাদক সঞ্জীৱ সন্দিকৈ আৰু জিলা ক্রীড়া বিষয়া ছিমি শইকীয়া আদিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *