অলিম্পিকত পদক জিকাতকৈ কঠিন নিৰ্বাচনত জয়ী হোৱা!! পুনৰ পৰাস্ত হ’ল এইগৰাকী অলিম্পিয়ান

অলিম্পিয়া প্ৰতিবেদন

অলিম্পিকত পদক জয় কৰায়েই সহজ। বিশ্বৰ আগশাৰীৰ এথলিটসকলৰ সৈতে যুজঁ দিয়াও সহজ। বিপৰীতে নিৰ্বাচনত জয়ী হোৱাতো আটাইতকৈ কঠিন। অলিম্পিকত পদক জয় কৰি আহিলে যিসকলে ফুলৰ থোপা,মালাৰে আদৰণি জনায়,সেই সকলেই কিন্তু নিৰ্বাচনত ভোট ভিক্ষা কৰিলেও ঘূৰিকে নাচায়। নিৰ্বাচনত জয়ী হোৱাৰ সূত্ৰ বিচাৰি হাইৰান হৈ পৰিছে অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু যোগেশ্বৰ দত্তই।

মঙ্গলবাৰে হাৰিয়ানাৰ বৰ’ডাৰ উপ নিৰ্বাচনত পুনৰবাৰ পৰাজয়ৰ সন্মুখীন হয় ভাৰতৰ তাৰকা মল্লযুঁজাৰুগৰাকী। কংগ্ৰেছৰ হিন্দু ৰাজ নৰৱালৰ হাতত পৰাস্ত হয় বিজেপিৰ প্ৰাৰ্থীগৰাকী। অৱশ্যে এই পৰ্যন্ত আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাই বৰোডাৰ ফলাফল।

উল্লেখযোগ্য যে, আলিম্পিয়ান যোগেশ্বৰ দত্তই সক্ৰিয় ৰাজনীতিত যোগ দিয়া বেছি দিন হোৱা নাই। যোৱা বৰ্ষত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনতো যোগেশ্বৰ দত্তই প্ৰতিদ্বন্দিতা কৰি কংগ্ৰেছৰ কৃষাণ হুদাৰ হাতত পৰাস্ত হয়।

উল্লেখযোগ্য যে,এপ্ৰিলত হুদাৰ মৃত্যু ঘটাৰ ফলত সমষ্টিটোত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰা হয়। পূৰ্বৰে পৰা কংগ্ৰেছৰ দখলত থকা সমষ্টিটোত বিজেপিয়ে পুনৰ যোগেশ্বৰ দত্তক প্ৰতিদ্বন্দিতাৰ বাবে আগবঢ়াই দিয়ে। আজি ঘোষিত ফলাফল অনুযায়ী, কংগ্ৰেছৰ হিন্দু ৰাজ নৰৱালে ৫৪,৯১৮ টা ভোট লাভ কৰাৰ বিপৰীতে যোগেশ্বৰ দত্তই লাভ কৰে ৪৫,০৪৯ টা ভোট।

Leave a Reply

Your email address will not be published. Required fields are marked *