অপূৰ্ব সৌন্দৰ্যৰ অধিকাৰী শ্বাটলাৰ জালা গুট্টাৰ কি সম্পৰ্ক চীন আৰু মহাত্মা গান্ধীৰ সৈতে?

✍️ তুষাৰ প্ৰতিম

দেশৰ বেডমিণ্টন ক’ৰ্টলৈ সৌন্দৰ্য আৰু প্ৰতিভাৰে ধুমুহা নমাই অনা ভাৰতৰ অন্যতম সফল শ্বাটলাৰ জালা গুট্টাৰ আছে চীনৰ লগত ঘনিষ্ঠ সম্পৰ্ক। ১৯৮৩ চনৰ ৭ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা গুট্টাৰ আকৌ মহাত্মা গান্ধীৰ লগতো আছে যুগসূত্ৰ। কি এই যুগসূত্ৰ?

জালা গুট্টাৰ মাক Yelena এগৰাকী চীনৰ মহিলা। তেওঁ চীনৰ Tianjin ৰ এটা গান্ধীবাদী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। Yelena ৰ ককাক আছিল এগৰাকী গান্ধীবাদী নেতা আৰু এগৰাকী ছিংগাপুৰৰ এখন চীনা কাকতৰ মুখ্য সাংবাদিক আছিল। তেওঁ ভাৰতৰ প্ৰসিদ্ধ সাহিত্যিক ৰবীন্দ্ৰনাথ ঠাকুৰৰ লগত একেলগে অধ্যয়ন কৰিছিল। সেই সময়তেই মহাত্মা গান্ধীয়ে তেওঁক ‘শান্তিদূত’ বুলি সম্বোধন কৰিছিল।
Yelena ই তেওঁৰ ককাকৰ লগত প্ৰথম বাৰৰ বাবে আহিছিল ভাৰতলৈ ১৯৭৭ চনত। সেই সময়ত তেওঁৰ ককাকে মহাত্মা গান্ধীৰ আত্মজীৱনী ‘মোৰ সত্য অন্বেষনৰ কাহিনী’ক চীনা ভাষালৈ অনুবাদ কৰাৰ এক প্ৰকল্প লৈ সেৱাগ্ৰাম আশ্ৰমলৈ আহিছিল। এই আশ্ৰমতে Yelena ই পোন প্ৰথমবাৰৰ বাবে লগ পাইছিল স্বাধীনতা সেনানীৰ পৰিয়ালৰ সন্তান ক্ৰান্তী গুট্টাক। যিহেতু দুয়োৱেই গান্ধীবাদী আদৰ্শৰ ভাৱাপন্ন আছিল সেয়ে দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পাই আৰু দুয়োৱে দেশৰ পৰিধিক আওকাণ কৰি বিবাহৰ বান্ধোনত বান্ধ খোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এইদৰেই জালা গুট্টাৰ মাতৃ Yelena চীনৰ পৰা ককাকক গান্ধীৰ আত্মজীৱনী অনুৱাদত সহায় কৰিবলৈ আহি ভাৰতৰ গান্ধীবাদী পৰিয়ালৰ সন্তান ক্ৰান্তী গট্টাৰ লগত বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ ঔৰসতে ১৯৮৩চনৰ আজিৰ দিনটোত অৰ্থাৎ ৭ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰে সুন্দৰী শ্বাটলাৰ জালা গুট্টাই।

হায়দৰাবাদত জন্মগ্ৰহণ কৰা গুট্টাই ৬ বছৰ বয়সৰ পৰাই খেলিবলৈ আৰম্ভ কৰা জালাই দেশৰ ক্ৰীড়া জগতলৈ বহু আন্তঃৰাষ্ট্ৰীয় পদক কঢ়িয়াই আনিছে। অলিম্পিকত দুটাকৈ ইভেণ্টত অংশগ্ৰহণ কৰি ভাৰতীয় অভিলেখ সৃষ্টি কৰা গুট্টাই কমনৱেলথ গেমছত ২০১০ আৰু ২০১৪ ত দেশক প্ৰতিনিধিত্ব কৰি স্বৰ্ণ আৰু ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও আৰু বহু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল।

নিজৰ স্পষ্টবাদী মনোভাৱৰ বাবে ক’ৰ্টৰ বাহিৰে ভিতৰে সদায়েই চৰ্চিত হৈ থকা জালা গুট্টাই বহু সময়ত চৰকাৰ বিৰোধী মনোভাৱ প্ৰকাশ কৰাৰ বাবে সামাজিক মাধ্যমত চৰকাৰী স্তাৱক বাহিনীৰ আক্ৰমণৰ লক্ষ্য হৈয়ো পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *