কাছমাৰীত প্ৰাইজমানি ফুটবল পূৰ্ণগতিত।গাখজুৱা এফ.চি. প্ৰি-কোৱাৰ্টাৰত।

অলিম্পিয়া প্ৰতিবেদন

নগাঁও জিলাৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজ্যনত পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত পূৰ্ণগতিত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ গাখজুৱা এফ.চি. প্ৰি-কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। এই প্ৰতিযোগিতাৰ আজিৰ খেলত গাখজুৱা ফুটবল ক্লাৱে কটহগুৰি ফুটবল ক্লাৱক টাইব্ৰেকাৰত সামগ্ৰিকভাৱে ৪-১(১-১)গ’লত পৰাজিত কৰে।তুমুল প্ৰতিদ্বণ্ডিতামূলক খেলখনৰ নিৰ্ধাৰিত সময়ত গাখজুৱা এফ.চি.ৰহৈ চুটিমন বৰদলৈয়ে প্ৰথমে গ’লটো দিয়াৰ বিপৰীতে কটহগুৰি এফ.চি.ৰ হৈ বিকাশ কোঁৱৰে গ’ল দি সমতা স্থাপিত কৰে।নিৰ্ধাৰিত সময়ত খেলখন ড্ৰ’ হোৱাত টাইব্ৰেকাৰৰ জৰিয়তে খেলৰ ফলাফল নিৰ্ণয় কৰা হয়।

টাইব্ৰেকাৰত গাখজুৱা দলটোৰ হৈ বিকি বৰদলৈ,প্ৰাণ্ঠৰ পাটৰ আৰু বংকি পাটৰে গ’ল স্ক’ৰৰে নিজ দলক বিজয় প্ৰদান কৰে।আজিৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী বিপ্লৱ কোঁৱৰক সহায় কৰে বিষ্ণু বৰদলৈ,সমীৰ বৰদলৈ আৰু কণ্ঠী ৰাজা(চতুৰ্থ)ই। মুঠ-২৭টা দলে যোগদান কৰা এই প্ৰতিযোগিতাৰ দেওবাৰৰ খেলত টকৌবাৰী ফুটবল’বি’দলে চকলাঘাট এফ.চি.ৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সমিতিৰ সভাপতি স্বৰূপ ডেকা আৰু সম্পাদক প্ৰাঞ্জল ডেকাই জনাইছে।

✍️নগাঁওৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

Leave a Reply

Your email address will not be published. Required fields are marked *