কাছমাৰীত প্ৰাইজমানি ফুটবল পূৰ্ণগতিত।চকলাঘাট এফ.চি. প্ৰি-কোৱাৰ্টাৰত।

অলিম্পিয়া প্ৰতিবেদন

নগাঁও জিলাৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজ্যনত পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত পূৰ্ণগতিত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত চকলাঘাট এফ.চি. প্ৰি-কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। এই প্ৰতিযোগিতাৰ আজিৰ খেলত চকলাঘাট ফুটবল ক্লাৱে টকৌবাৰী ফুটবল ‘বি’ দলক ১-০গ’লত পৰাজিত কৰে।তুমুল প্ৰতিদ্বণ্ডিতামূলক খেলখনৰ ৮২মিনিটত চকলাঘাট এফ.চি.ৰহৈ প্লাৱনজ্যোতি বৰাই বিজয়সূচক গ’লটো দিয়ে।

আজিৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী বিপ্লৱ কোঁৱৰক সহায় কৰে বিষ্ণু বৰদলৈ,সমীৰ বৰদলৈ আৰু কণ্ঠী ৰাজা(চতুৰ্থ)ই।

✍️নগাঁওৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

Leave a Reply

Your email address will not be published. Required fields are marked *