Sunday, July 3, 2022
HomeNewsকাছমাৰীত প্ৰাইজমানি ফুটবল পূৰ্ণগতিত।ইটাপাৰা এফ.চি.ৰ অগ্ৰগতি।

কাছমাৰীত প্ৰাইজমানি ফুটবল পূৰ্ণগতিত।ইটাপাৰা এফ.চি.ৰ অগ্ৰগতি।

অলিম্পিয়া প্ৰতিবেদন

নগাঁও জিলাৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজ্যনত পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত পূৰ্ণগতিত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত ইটাপাৰা এফ.চি.য়ে অগ্ৰগতি লাভ কৰিছে।

এই প্ৰতিযোগিতাৰ আজিৰ খেলত ইটাপাৰা ফুটবল ক্লাৱে তুলসীমুখ আঞ্চলিক ফুটবল দলক ৩-১গ’লত পৰাজিত কৰে।তুমুল প্ৰতিদ্বণ্ডিতামূলক খেলখনত ইটাপাৰা এফ.চি.ৰহৈ কংকন বৰদলৈয়ে দুটা আৰু সুগ্ৰীৱ বৰদলৈয়ে এটা গ’ল দিয়াৰ বিপৰীতে তুলসীমুখ আঞ্চলিক ফুটবল দলৰ হৈ ধুনীয়ে একমাত্ৰ গ’লটো দিয়ে।আজিৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী বিপ্লৱ কোঁৱৰক সহায় কৰে বিষ্ণু বৰদলৈ,সমীৰ বৰদলৈ আৰু কণ্ঠী ৰাজা(চতুৰ্থ)ই।

মুঠ-২৯টা দলে যোগদান কৰা এই প্ৰতিযোগিতাৰ বুধবাৰৰ খেলত দলংঘাট ফুটবল ক্লাৱে চাৰিপুনীয়া এফ.চি.ৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সমিতিৰ সভাপতি স্বৰূপ ডেকা আৰু সম্পাদক প্ৰাঞ্জল ডেকাই জনাইছে।

✍️নগাওঁৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + thirteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments