কাছমাৰীত প্ৰাইজমানি ফুটবল পূৰ্ণগতিত। চাৰিপুনীয়া আঞ্চলিক ফুটবল দলৰ অগ্ৰগতি।

অলিম্পিয়া প্ৰতিবেদন

নগাঁও জিলাৰ কাছমাৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সৌজ্যনত পলাশতল কাছমাৰী হাইস্কুল খেলপথাৰত পূৰ্ণগতিত চলি থকা প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ চাৰিপুনীয়া আঞ্চলিক ফুটবল দলে অগ্ৰগতি লাভ কৰিছে। এই প্ৰতিযোগিতাৰ আজিৰ খেলত চাৰিপুনীয়া আঞ্চলিক ফুটবল দলে দলংঘাট ফুটবল ক্লাৱক ২-১গ’লত পৰাজিত কৰে।

তুমুল প্ৰতিদ্বণ্ডিতামূলক খেলখনত চাৰিপুনীয়া আঞ্চলিক ফুটবল দলৰহৈ প্ৰানজিৎ দেউৰী আৰু বিপ্লৱ দেউৰীয়ে ক্ৰমে গ’ল দুটা দিয়াৰ বিপৰীতে দলংঘাট এফ.চি.ৰহৈ চিন্ময় বৰদলৈয়ে একমাত্ৰ গ’লটো দিয়ে।

আজিৰ খেলখন পৰিচালনা কৰাত ৰেফাৰী বিপ্লৱ কোঁৱৰক সহায় কৰে বিষ্ণু বৰদলৈ,সমীৰ বৰদলৈ আৰু কণ্ঠী ৰাজা(চতুৰ্থ)ই। মুঠ-২৯টা দলে যোগদান কৰা এই প্ৰতিযোগিতাৰ বৃহস্পতিবাৰৰ খেলত ৰহা ফুটবল ক্লাৱে কপাহেৰা এফ.চি.ৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব বুলি আয়োজক সমিতিৰ সভাপতি স্বৰূপ ডেকা আৰু সম্পাদক প্ৰাঞ্জল ডেকাই জনাইছে।

✍️নগাঁওৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

Leave a Reply

Your email address will not be published. Required fields are marked *