অলিম্পিয়া বাৰ্তা
এগৰাকী কৃৰ্তিমান খেলুৱৈ এইগৰাকী ছাত্ৰী। গুৱাহাটীৰ ছেইণ্ট মেৰীজ হাইস্কুলৰ ছাত্ৰী চাকি গীতাঞ্জলি বুল্টন পঢ়াৰ সমানে খেল-ধেমালিটো পাৰ্গত। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান লাভ কৰিলে কাৰাটেৰ ৰাষ্ট্ৰীয় চেম্পিয়ন চাকিয়ে।
আজি ঘোষণা কৰা ফলাফল অনুসৰি চাকিয়ে গণিত, ঐচ্ছিক গণিত আৰু সাধাৰণ বিজ্ঞানত ১০০ কৈ নম্বৰ লাভ কৰি মুঠ ৫৯১ নম্বৰ লাভ কৰি তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। পঢ়াৰ লগতে পুৱা গধূলি নিয়মিত খেলা-ধূলা কৰি অহা চাকিয়ে সৰুৰে পৰা কাৰাটে খেলিবলৈ লয়। কাৰাটে এছ’চিয়েচন অৱ ইণ্ডিয়া চমুকৈ কাইৰ অধীনত ‘অল ষ্টাইল কাৰাটে ডো এছ’চিয়েচন’ অসমে আয়োজন কৰা সৰ্বভাৰতীয় কাৰাটেত স্বৰ্ণপদকো লাভ কৰিবলৈ সক্ষম হৈছিল চাকি। ‘থাৰ্ড ডান ব্লেক বেল্ট’ খিতাপ লাভ কৰা চাকি ভৱিষ্যতে এগৰাকী সু চিকিৎসক হ’ব বিচাৰে। লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ হৈ কাৰাটেত পদক কঢ়িয়াই আনিবলৈ ইচ্ছা পুহি ৰাখিছে এইগৰাকী মেধাবী ছাত্ৰীয়ে।
Congratulations!
I wish her all the best to success to rich her wishes destinations.
-Rajat Gogoi
Some typo corrections- Congratulations!
I wish her all the best to be success to reach her wished destinations.
-Rajat Gogoi