ক্ৰীড়া ভাৰতী গুৱাহাটী মহানগৰৰ উদ্যোগত আজি গুৱাহাটীৰ লটাশিল খেল পথাৰত সূৰ্য নমস্কাৰ কাৰ্যসূচী সম্পন্ন হৈ যায়। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূটীত গুৱাহাটী মহানগৰৰ বিভিন্ন বিদ্যালয়ৰ এঘাৰশ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থকা লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিস্থানৰ ডীন ড০ বিশ্বজিত বসুমতাৰীয়ে সূৰ্য নমস্কাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি নিজৰ বক্তব্যত যোগৰ পৰা হ’বপৰা লাভালভৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে। ইয়াৰ উপৰিও অনুষ্ঠানটোত ক্ৰীড়া ভাৰতী ক্ষেত্ৰ বৌদ্ধিক প্ৰমূখ তীৰ্থাংকৰ দাস কলিতা, ক্ৰীড়া ভাৰতী অসম প্ৰান্তৰ সহ সংগঠন মন্ত্ৰী মনোজ মাহান্তি, বোকাজন সমষ্টিৰ বিধায়ক নোমল মমিন, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সন্তৰনবিদ এলভিচ আলী হাজৰিকা, ক্ৰীড়া ভাৰতী গুৱাহাটী মহানগৰৰ সভাপতি অমল ডেকা, সম্পাদক প্ৰীতম গোস্বামী, আদিয়ে অংশগ্ৰহণ কৰে।

