ছিনিয়ৰ আন্তঃজিলা ফুটবল চেম্পিয়নশ্বিপৰ সফল সামৰণি । ডিব্ৰুগড় বিশ্ববিদ্যালয় চেম্পিয়ন।

অলিম্পিয়া প্ৰতিবেদন

দ্বিতীয়বাৰৰ বাবে যোগদান কৰিয়েই ডিব্ৰুগড় বিশ্ববিদ্যালয় দলে আন্তঃজিলা ফুটবল চেম্পিয়নশ্বিপত খিতাপ দখল কৰিছে । ৬৯ সংখ্যক ক্ষীৰোদ বৰুৱা ট্ৰফী ছিনিয়ৰ আন্তঃজিলা ফুটবলৰ সোমবাৰে অনুষ্ঠিত ফাইনেলত ডিব্ৰুগড় বিশ্ববিদ্যালয় দলে ওদালগুৰি দলক টাইব্ৰেকাৰৰ সহায়ত সামগ্ৰিকভাৱে ৬-৫ গলৰ ব্যৱধানত পৰাস্ত কৰে।

অসম ফুটবল সন্থাৰ সৌজন্যত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত সোণাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলখন উদ্বোধন কৰে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে। তীব্ৰ উত্তেজনা পূৰ্ণ মেচখনৰ নিৰ্ধাৰিত সময়ত দুয়োটা দলে এটাকৈ গল স্কৰ কৰাত খেলখন অমীমাংসিত হৈ ৰয়।


মেচৰ প্ৰথম অৱস্থাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ খেলুৱৈসকলে প্ৰতিপক্ষৰ বিৰুদ্ধে কিছু আক্ৰমণ চলাইছিল যদিও ওদালগুৰিয়ে গল কৰাৰ সন্ধানত প্ৰতি-আক্ৰমণ চলায়। ওদালগুৰিৰ হৈ ৩৫ মিনিটত ১০ নং জাৰ্ছি পৰিহিত দুৰ্ধৰ্ষ ষ্ট্ৰাইকাৰ নচিব চোৰেনে গল দি দলক ১-০ৰ অগ্ৰগতি দিয়ায়। কিন্তু দ্বিতীয়াৰ্ধত ছন্দ ওভতাই পোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয় দলৰ হৈ ১০ নং জাৰ্ছি পৰিহিত সুযোগ সন্ধানী ষ্ট্ৰাইকাৰ জিন্টু গগৈয়ে ৬৩ মিনিটত গল দি মেচখনলৈ সমতা আনে।অতিৰিক্ত সময়তো মেচৰ ফলাফল নোলোৱাত ৰেফাৰীয়ে টাইব্ৰেকাৰৰ সহায় লয়।টাইব্ৰেকাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দলটোৱে ৫ টা গল দিয়াৰ বিপৰীতে ওদালগুৰিয়ে ৪ টা গল দিয়াত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সামগ্ৰিকভাৱে ৬-৫গলৰ ব্যৱধানত চূড়ান্ত বিজয়ী হয়।


খেলৰ অন্তত ট্ৰফীসমূহ বিতৰণ কৰে উপায়ুক্ত বিনিতা পেগু, প্ৰাক্তন ফুটবলাৰ ৰমেশ ফুকন, আৰক্ষী অধীক্ষক সুধাকৰ সিং, প্ৰদীপ দে, প্ৰণিল দৈমাৰী আৰু মঞ্জু শইকীয়াই। ব্যক্তিগত বঁটাৰ ভিতৰত ওদালগুৰিৰ নচিব চোৰেনে টুৰ্ণামেন্টৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু বিশ্ববিদ্যালয় দলৰ চেংচন শইকীয়াই ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।ওদালগুৰিৰ অৰূপ বসুমতাৰীয়ে শ্ৰেষ্ঠ গলৰক্ষক আৰু একে দলৰ টিমুথি নাৰ্জাৰীয়ে ২১ বছৰ অনুৰ্ধ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা কৰে। বঁটা প্ৰাপক সকলক ট্ৰফী আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়।


উল্লেখযোগ্য যে, অসম ফুটবল সন্থাই ক’ভিড পৰিস্থিতিৰ বাবে সকলো সৰ্তকতা অৱলম্বন কৰি ৰাজ্যৰ সাতোটা মণ্ডলত প্ৰাথমিক পৰ্য্যায়ৰ মেচ আৰম্ভ কৰিছিল । যোৱা ২১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা এই পৰ্বত অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰাপ্ত ৫০ খন জিলা সদৰৰ কমেও ১০০০ খেলুৱৈ জড়িত হয়। ফাইনেলত কমেও ১০ সহস্ৰাধিক দৰ্শক উপস্থিত থাকে বুলি জনাইছে অসম ফুটবল সন্থাৰ কোষাধ্যক্ষ হীৰেণ গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *