কিংছ ইলেভেন পঞ্জাৱৰ ক্ৰিকেটাৰো চামিল হ’ল কৃষক আন্দোলনত

অলিম্পিয়া প্ৰতিবেদন

দেশত আজিও অব্যাহত আছে কৃষক বিদ্ৰোহ। পঞ্জাৱ আৰু হাৰিয়ানাৰ হাজাৰ হাজাৰ কৃষকে দেশৰ ৰাজপথ অৱৰোধ কৰিছে। দেশৰ ৰাজধানী দিল্লীৰ ৰাজপথত অসংখ্য কৃষকে দীর্ঘদিন ধৰি অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰৰ তিনিখনকৈ আইন বিৰোধী এই আন্দোলন।

ইতিমধ্যে দেশৰ সকলো স্তৰৰ লোকৰ পৰা এই কৃষক আন্দোলনে লাভ কৰিছে অকুণ্ঠ সমৰ্থন। দেশৰ ক্ৰীড়া জগতৰ বহু তাৰকা খেলুৱৈয়েও ইতিমধ্যে এই বিদ্ৰোহৰ সমৰ্থনত ওলাই আহিছে ৰাজপথলৈ। পঞ্জাৱৰ প্ৰায় ৩০ জনতকৈ অধিক প্ৰাক্তন অলিম্পিয়ানে তেওঁলোকে লাভ কৰা বঁটা ঘূৰাই দিয়াৰ হুংকাৰ দিছে। ৰাজ্যখনৰ প্ৰায় ডেৰ শতাধিক এথলিটে পদ্ম, অৰ্জুনকে আদি কৰি সকলো ধৰণৰ বঁটা ঘূৰাই দিয়াৰ কথা উল্লেখ কৰিছে।

শেহতীয়াকৈ কৃষকৰ এই আন্দোলনত চামিল হৈছে পঞ্জাৱ ৰঞ্জি দলৰ অধিনায়ক তথা কিংছ ইলেভেন পঞ্জাৱৰ ক্ৰিকেটাৰ মন্দ্বীপ সিং। ভাৰতৰ হৈ তিনিখনকৈ আন্তঃৰাষ্ট্ৰীয় টি-টুৱেন্টি মেচত ভাগ লোৱা মন্দ্বীপ সিঙে দিল্লীৰ সিংঘু বৰ্ডাৰত অৱস্থান গ্ৰহণ কৰা খেতিয়কসকলৰ সৈতে আন্দোলনত যোগ দিয়ে।

“প্ৰচণ্ড শীতকো নেওচি ৰাজপথত শান্তিপূৰ্ণ আন্দোলনত বহা জ্যেষ্ঠ লোকসকলক সমৰ্থন জনাবলৈ মই ওলাই আহিছোঁ।” সংবাদ মাধ্যমৰ আগত এইদৰে কয় কিংছ ইলেভেন পঞ্জাৱৰ নিয়মীয়া খেলুৱৈগৰাকীয়ে।

উল্লেখযোগ্য যে ,ইউনাইটেড আৰব এমিৰাটছত অনুষ্ঠিত ২০২০ বৰ্ষৰ আই পি এলৰ সময়তে মন্দ্বীপে নিজ পিতৃক হেৰুৱাইছিল। ক্ৰিকেটাৰ গৰাকীয়ে লগতে কয় যে আজি যদি তেওঁৰ পিতৃ জীয়াই থাকিলেহেঁতেনে তেন্তে তেওঁ নিশ্চিতভাৱে এই আন্দোলনত যোগ দিলেহেঁতেন।

Leave a Reply

Your email address will not be published. Required fields are marked *