উদ্দেশ্য অসমৰ বানাক্ৰান্তক সাহাৰ্য্য: কোহলি, কে এল ৰাহুল,ছানিয়া মিৰ্জাই নিলাম কৰিলে খেলৰ সামগ্ৰী

অলিম্পিয়া বাৰ্তা

অসম তথা বিহাৰৰ বান পীড়িত জনসাধাৰণৰ বাবে সহায়ৰ হাত আগবঢ়াইছে বিৰাট কোহলি, ছানিয়া মিৰ্জা, কে এল ৰাহুল, যুজবেন্দ্ৰ চহল, হৰমনপ্ৰীত কৌৰকে আদি কৰি বহুকেইগৰাকী ক্ৰীড়াবিদে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে বিৰাট কোহলি আৰু তেওঁৰ পত্নী অনুস্কা শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে অসম তথা বিহাৰৰ বানাক্ৰান্তসকলক নিজেও সাহাৰ্য্য প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ লগতে দেশবাসীকো সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছিল। তাৰ পাছতে শুক্ৰবাৰে পুনৰ বিৰাট ক’হলীয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে এটা ভিডিঅ’ শ্বেয়াৰ কৰে য’ত কোহলিৰ লগতে আন বহুকেইগৰাকী খেলুৱৈয়ে বানাক্ৰান্তৰ সহায়ৰ বাবে তেওঁলোকৰ খেলৰ বিভিন্ন সামগ্ৰী নিলাম কৰাৰ কথা ঘোষণা কৰে।

দ্য এৱেৰ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত এই নিলামত ক’হলীয়ে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ব্যৱহাৰ কৰা কেইখনমান বেট নিলাম কৰাৰ কথা উল্লেখ কৰে। তাৰ লগতে আন এগৰাকী জনপ্ৰিয় ক্ৰিকেটাৰ কে এল ৰাহুলেও তেওঁ আই পি এলত দ্ৰুততম শতক অৰ্জন কৰা বেটখন নিলামত দিয়াৰ কথা ঘোষণা কৰে। ঠিক সেইদৰে, যুজবেন্দ্ৰ চহলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচটা উইকেট দখল কৰা বলটো, ৰিদ্ধিমান শ্বাহাই টেষ্টৰ জাৰ্চি, কুলদ্বীপ যাদবে তেওঁ হেট্ৰিক লাভ কৰা বলটো, শুভমন গিলে তেওঁৰ চহী সম্বলিত টেষ্ট জাৰ্চি নিলামৰ বাবে আগবঢ়ায়।

তাৰ লগতে মহিলা ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে তেওঁ অংশগ্ৰহণ কৰা ১০০ তম টি টুৱেন্টি মেচৰ জাৰ্চিটো নিলামৰ বাবে আগবঢ়ায়। আনহাতে, টেনিছ তাৰকা ছানিয়া মিৰ্জায়ো নিলামত অংশ লৈ তেওঁ ২০১৬ চনত জয় কৰা অষ্ট্ৰেলিয়ান অপেনত ব্যৱহৃত ৰেকেটখন নিলামৰ বাবে আগবঢ়ায়।

নিলামত সংগৃহীত সমগ্ৰ ধনৰাশি অসম আৰু বিহাৰৰ বানাক্ৰান্তৰ সাহাৰ্য্যৰ বাবে আগবঢ়োৱা হ’ব।



Leave a Reply

Your email address will not be published. Required fields are marked *