অলিম্পিয়া প্ৰতিবেদন
ক্ৰীড়া ভাৰতী,মহানগৰ সমিতিয়ে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। এটা প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৰ সভাপতি অমল ডেকা আৰু সম্পাদক প্ৰীতম গোস্বামীয়ে কয় যে তেওঁৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ লগতে ক্ৰীড়াক্ষেত্ৰৰ বাবেও এক অপূৰণীয় ক্ষতি। ২০০৭ বৰ্ষত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত তেওঁ গ্ৰহণ কৰা ভূমিকাক অসমবাসীয়ে চিৰদিন মনত ৰাখিব বুলি উল্লেখ কৰাৰ লগতে তেওঁৰ মৃত্যুৰ লগে লগে দেশে ৰাজনীতি তথা প্ৰশাসনিকক্ষেত্ৰৰ এগৰাকী অভিজ্ঞ ৰাজনীতিবিদক হেৰুৱালে বুলিও কয় সংগঠনটোৱে।
সংগঠনটোৱে লগতে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিচাবে তেওঁৰ কাৰ্যকালৰ সময়ছোৱাত অসমে প্ৰত্যক্ষ কৰিছিল আমূল পৰিৱৰ্তন। ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত তেওঁ লোৱা সবল ভূমিকা সদায়েই স্মৰণীয় হৈ ৰ’ব। ক্ৰীড়া ভাৰতী, মহানগৰ সমিতিয়ে তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেওঁৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবদেনা জ্ঞাপন কৰে।
You may also like
ৰাহুল পেণিকাৰ কোন? আমি কিয় জনা উচিত ৰাহুল পেনিকাৰক?
ফেব্ৰুৱাৰীত GSAৰ আম্পায়াৰৰ পৰীক্ষা
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চিৰিজ জয়ৰ অন্যতম নায়ক ঋষভ পন্টৰ অভিলেখ!
ৰাজ্যৰ ক্ৰীড়াৰ উন্নয়নৰ বাবে কাম কৰিব ড্ৰীম ইলেভেনে
ঐতিহাসিক বিজয়ৰ আনন্দ উদযাপন কৰা কিন্তু সতৰ্ক হোৱা আচল টীমটো কিছু সপ্তাহ পিছত আহিব যাক তোমালোকে পৰাজিত কৰিব লাগিব