অলিম্পিয়া প্ৰতিবেদন
অসম চৰকাৰে শনিবাৰে ঘোষণা কৰা বিভিন্ন উদগনি মূলক বঁটাৰ ভিতৰত টকিঅ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইক অসম সৌৰভ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে । তদুপৰি অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচন কৰিছে এভাৰেষ্ট বিজয়ী পৰ্বতাৰোহী খৰছিং তেৰাং ক । ক্ৰীড়াক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা দুয়োগৰাকীকে সন্মানিত কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীয়ে আদৰণি জনাইছে । অসম চৰকাৰে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মুঠ ৫ গৰাকী লোকলৈ অসম সৌৰভ আৰু ১৩ গৰাকী লোকলৈ অসম গৌৰৱ বঁটাৰ বাবে নাম ঘোষণা কৰিছে ।