অলিম্পিয়া প্ৰতিবেদন
দেশৰ আগশাৰীৰ ফুটবল লীগ আই এছ এলৰ আগন্তুক চিজনৰ বাবে ন ৰূপত সাজু হৈছে উত্তৰ-পূৱৰ ফ্ৰেঞ্চাইজি নৰ্থ ইষ্ট ইউনাইটেড। শনিবাৰে জন আব্ৰাহাম মালিকানাধীন নৰ্থ ইষ্ট ইউনাইটেডে তেওঁলোকৰ দ্বিতীয়টো বিদেশী চুক্তি সম্পন্ন কৰে।
মঙ্গলবাৰে মৰিচাচৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ খাছা কামাৰাক চুক্তিবদ্ধ কৰোৱাৰ পিছত শনিবাৰে পুনৰ আন এগৰাকী বিদেশী খেলুৱৈ পৰ্টুগালৰ লুইচ মাছাড’ক স্বাক্ষৰিত কৰে দলটোৱে। ২০১০ চনত S C Freamunde দলত যোগদানৰ জৰিয়তে ক্লাব ফুটবলত অভিষেক ঘটোৱা ২৭ বছৰীয়া মাছাড’ই ২০১৪ চনত যোগ দিয়ে C D Tondela দলত।
বিভিন্ন দলৰ হৈ প্ৰায় ১৩০ খন খেলত ভাগ লোৱা মাছাড’ৰ যোগদানে নৰ্থ ইষ্ট ইউনাইটেড দলটোক আগন্তুক সময়ত শক্তিশালী ৰূপত তুলি ধৰিব। ইফালে, দলটোৱে উৰোগুৱেন মিডফিল্ডাৰ ফেড্ৰিঅ’ গেলগিঅ’ক এই বৰ্ষৰ বাবেও চুক্তিবদ্ধ কৰায়।