মহাত্মা গান্ধী আৰু ফুটবল!!

অলিম্পিয়া বিশেষ প্ৰতিবেদন

লণ্ডনত মহাত্মা গান্ধীৰ দীঘলীয়া অভিজ্ঞতাই কেৱল বৌদ্ধিক দিশতে নহয়, তেওঁৰ সাংস্কৃতিক ভাবাদৰ্শতো প্ৰভাৱ পেলাইছিল। লণ্ডনৰ হাৱা-পানীত ফুটবল আছিল সেই সময়ত। লণ্ডনত থকাৰ সময়তে তেওঁ ফুটবলৰ প্ৰেমত পৰিছিল। ১৮৯৩ চনত তেওঁ লণ্ডন এৰিছিল। ভৰি দিছিল ৰামধেনুৰ দেশ দক্ষিণ আফ্ৰিকাত। দক্ষিণ আফ্ৰিকাত মূলত তেওঁ আইনৰ অনুশীলনৰ বাবে ৰৈছিল। দক্ষিণ আফ্ৰিকাত ভৰি দিয়েই তেওঁ দেখা পাইছিল আফ্ৰিকান দেশখনৰ বৈচিত্ৰময় পৰিৱেশ। কিন্তু বৈচিত্ৰ্যৰ মাজত ঐক্য গান্ধীয়ে তাত দেখা পোৱা নাছিল। ব্ৰিটিছৰ অধীনত দেশখনত সমানতা কতো নাছিল। কৃষ্ণাংগ লোকসকলৰ অৱস্থা আছিল অৱৰ্ণনীয়।

দক্ষিণ আফ্ৰিকাই আছিল গান্ধীৰ মনত জাতীয়তাবাদৰ ভাব জগাই তোলা প্ৰথমখন ঠাই। দেশখনৰ সেই সময়ৰ ব্ৰিটিছ কলনীত গান্ধীয়ে দাদা আব্দুল্লাহ এণ্ড কোম্পানী নামৰ কোম্পানীটোৰ হৈ এটা গোচৰৰ মোকৰ্দমা কৰিবলৈ আগবাঢ়িছিল। সেই সময়ত গান্ধীয়ে দেখা পাইছিল তাত থকা ভাৰতীয়সকলৰ দশা। সেই সময়ৰ আফ্ৰিকাত শ্বেতাঙ্গৰ বাহিৰে সকলো লোকেই সন্মুখীন হৈছিল কিবা নহয় কিবা শোষণৰ। গান্ধীয়ে সকলোকে আইনৰ জ্ঞানৰ মাধ্যমৰে জীৱনৰ মূল্য কিমান সেয়া বুজাবলৈ বিচাৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰো বহু আগতে গান্ধীয়ে দক্ষিণ আফ্ৰিকাত আৰম্ভ কৰি দিছিল ব্ৰিটিছ বিৰোধী যুজঁ। বৰ্ণ বৈষম্যৰ বিৰোধিতাৰে গান্ধীয়ে প্ৰতিষ্ঠা কৰিবলৈ বিচৰা আদৰ্শগত যুজঁখনলৈ আগবাঢ়ি যোৱাৰ বাটত গান্ধীয়ে ফুটবলক হাথিয়াৰ হিচাবে লৈছিল। গান্ধীয়ে দক্ষিণ আফ্ৰিকাত নিজৰ আদৰ্শগত কথাবোৰ প্ৰচাৰ কৰিবলৈ দেশখনত ফুটবলৰ জনপ্ৰিয়তাক ব্যৱহাৰ কৰিছিল। গান্ধীয়ে নিজে ফুটবল নেখেলিলেও ফুটবলৰ গ্রহণযোগ্যতাক বুজি উঠিছিল। সেয়ে, ফুটবল খেলাৰ মাজেৰে আফ্ৰিকাৰ কৃষ্ণাংগ লোকৰ লগতে ভাৰতীয় মূলৰ লোকসকলৰ মাজত দলীয় মনোভাৱ সুদৃঢ় কৰাৰ চেষ্টা হাতত লৈছিল। একোখন ফুটবল মেচ আয়োজনৰ মাধ্যমেৰে অহিংস আন্দোলনৰ বাৰ্তা সকলোৰে মনত সিঁচি দিবলৈ বিচাৰিছিল গান্ধীয়ে।

সেই উদ্দেশ্যে দক্ষিণ আফ্ৰিকাৰ জ’হান্সবাৰ্গ, প্ৰেৰ’টৰিয়া আৰু ডাৰবানত স্থাপন কৰা হৈছিল Passive Resisters Soccer Clubৰ। এনেদৰে গান্ধীয়ে বৰ্ণ বৈষম্য বিৰোধী যুঁজখনত ফুটবলক ঢাল হিচাবে ব্যৱহাৰ কৰিছিল। ইয়াৰ উপৰিও, Transvaal Indian Football Association আৰু Klip River District Indian Football Association নামৰ আন দুটা ফুটবল ক্লাবৰো জন্ম দিছিল গান্ধী আৰু তেওঁৰ সতীৰ্থবিন্দই। গান্ধীয়ে এনে ফুটবল টুৰ্ণামেণ্টসমূহৰ মাজতে খেল উপভোগ কৰিবলৈ যোৱা লোকসকলৰ মাজত ভাষণ প্ৰদান কৰিছিল। ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰিছিল শান্তিপূৰ্ণ অসহযোগ আন্দোলনৰ বিষয়ে। লগতে উপস্থিত জনসাধাৰণৰ মাজত বিতৰণ কৰিছিল প্ৰচাৰ পত্ৰিকা। লগতে এনে ফুটবল মেচসমূহ আয়োজন কৰি ফাণ্ড তোলাৰ দৰে কামো কৰিছিল যিসমূহ বন্দী বিদ্ৰোহী সকলৰ মুক্তিৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এনেদৰেই দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা আন্দোলনৰ উকমুকণিৰ সময়ত মহাত্মা গান্ধীয়ে নিজৰ ভূমিকা পালন কৰিছিল য’ত ফুটবলে প্ৰদান কৰিছিল এক বিশেষ মাত্ৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *