স্বৰ্ণকন্যা হিমা দাসৰ সাফল্যৰ আঁৰৰ দুগৰাকী ব্যক্তিৰ কথাৰে…

✍️ পূৰ্ণানন্দ নেওগ

স্বৰ্ণকন্যা হিমাৰ আজি জন্মদিন। ধিং এক্সপ্ৰেছ ৰূপে সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জন কৰা হিমাৰ এথেলটিক যাত্ৰা সঁচাই বিস্ময়কৰ। কান্ধুলিমাৰীৰ পৰা গৈ আন্তঃৰাষ্ট্ৰীয় ক্রীড়াক্ষেত্ৰত উজলি উঠা এইগৰাকী এথলিটৰ এই সফলতাৰ আঁৰত দুগৰাকী ব্যক্তিৰ আছিল বিশেষ অৱদান। হিমাৰ এই বিশেষ দিনটোত জানো আহকচোন হিমাৰ সাফল্যৰ আঁৰৰ সেই বিশেষ ব্যক্তিদুজনৰ কথা।

বিখ্যাত লেখক পাওলো কোৱেলহোৰ বিখ্যাত গ্ৰন্থ ‘দ্য এলকেমিষ্ট’ত উল্লেখ আছে যে , ‘ তুমি যেতিয়া অন্তঃকৰণেৰে কিবা পাবলৈ বিচৰা, তেতিয়া সমগ্ৰ বিশ্বই আগবাঢ়ি আহে তোমাৰ সেই লক্ষপ্ৰাপ্তিত সহায় হৈ থিয় দিবলৈ’ ( When You want something,all the universe conspires in helping you to achieve it) অসমৰ ক্ৰীড়া চাঞ্চল্য হিমা দাসৰ ক্ষেত্ৰতো কাৰ্যত: সেয়াই ঘটিছিল। হিমা দাসৰ ক্ৰীড়া প্ৰতিভাক আবিস্কাৰ কৰা প্ৰশিক্ষক নিপন দাসৰ ভাষাত, ” সঠিক সময়ত সঠিক সুযোগ আৰু সঠিক ব্যক্তিক লগ পোৱাৰ লগতে অনুশীলনৰ বাবে সঠিক খেলপথাৰ তথা পৰিৱেশ প্ৰাপ্তিয়ে হিমাক এগৰাকী সফল এথলীটৰূপে গঢ় দিয়ে। অন্য কথাত বিশ্বৰ সকলো শক্তি যেন একত্ৰিত হৈছিল হিমাই বিচৰা সেই সাফল্য হিমাৰ হাতত গুজি দিবলৈ। এই পথত হিমাই সৌভাগ্যক্ৰমে লগ পাইছিল নিপন দাস, ড° পুতুল শৰ্মা আদিৰ দৰে কেইগৰাকীমান শুভাকাংক্ষীক।

নিপন দাসৰ সৈতে হিমা

২০১৭ চনত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যান বিভাগে গুৱাহাটীৰ সৰুসজাই এথলেটিকছ ষ্টেডিয়ামত এক ফ্ৰণ্ট লাইন ৰেংকিং কোচিং কেম্পৰ আয়োজন কৰিছিল। সেই কেম্পত অসমৰ ভিন্ন প্ৰান্তৰ ৫০ গৰাকীকৈ খেলুৱৈ উপস্থিত আছিল। ৫০ গৰাকী এথলিটৰ ভিতৰত হিমাই দৃষ্টি কঢ়িছিল প্ৰশিক্ষক নিপন দাসৰ। একাগ্ৰতা, কষ্ট সহিষ্ণুতা তথা নিয়মানুবৰ্তিতাৰ গুণসমূহে হিমাক আনৰ পৰা পৃথক কৰিছিল। হিমাৰ সম্ভাৱনা চকুত পৰিছিল নিপন দাসৰ। সেয়ে গুৱাহাটীত থকাৰ প্ৰস্তাৱ অগবঢ়াইছিল। কিয়নো ধিঙত থাকি হিমা যিসমূহ সুবিধাৰ পৰা বঞ্চিত হ’ব, সেইসমূহ সুবিধা প্ৰতিমুহূৰ্ততে হিমাই গুৱাহাটীত লাভ কৰিব। হিমাই সেই প্ৰস্তাৱ গ্ৰহণ কৰিলে। গুৱাহাটীলৈ গুচি আহিল হিমা।

ঘৰুৱা পৰিবেশত হিমা

গুৱাহাটীলৈ আহি হিমা পুনৰ মুখা-মুখি হ’ল এক কঠিন পৰিস্থিতিৰ। ক’ত থাকিব, ক’লৈ যাব!! সমুখত অলেখ প্ৰশ্ন। এইবাৰ প্ৰশিক্ষক নিপন দাসে ট্ৰাণকৰ্তাৰ ভূমিকা লৈ ঠিক কৰি দিলে হিমাৰ বাবে থকা ঘৰ। সৰুসজাই ষ্টেডিয়ামৰ সমুখৰে এটা ঘৰ। অৱশ্যে নিপন দাসৰ নিজৰ ভাষাতেই ঘৰটো এজনী ছোৱালী থাকিব পৰাকৈ উপযুক্ত নাছিল। কেঁচা ঘৰটোৰ বেৰৰ কোনোবাখিনিত যদি আছিল ফুটা আন কোনোবাখিনিৰ চালিখনেৰে আকৌ পোহৰ দেখা পোৱা গৈছিল। খোৱা বোৱাৰ ব্যৱস্থা কৰিবলৈ গৈ গেছৰ ষ্টোভ আৰু চিলিণ্ডাৰ বিচাৰিও নিপন দাসে বিভিন্নজনৰ ওচৰত হাত পাতিছিল। বহুজনৰ ওচৰ চপাৰ পিছত সেই সুবিধাও হিমাই লাভ কৰিছিল আন এজন শুভাকাংক্ষীৰ পৰা। এনেদৰেই থকা খোৱাৰ ব্যৱস্থা হৈ গৈছিল। তাৰ পিছত হিমাই সৰুসজাইৰ সেউজীয়া ট্ৰেকত সময়ৰ আগত দৌৰাৰ কচৰৎ আৰম্ভ কৰিলে। নিপন দাসৰ তত্বাৱধানত ক্ৰমাৎ হিমাৰ প্ৰতিভাই পোহৰৰ বাটেৰে বাট বুলাৰ মন্ত্ৰ শিকি পেলালে। ট্ৰেকলৈ ধুমুহা নমাই আনিবলৈ সাজু হৈ উঠিল ধিঙৰ কান্ধুলিমাৰী নামৰ অখ্যাত গাঁৱৰ অখ্যাত জীয়ৰী হিমা দাস। এইবাৰ হিমাৰ বাবে প্ৰয়োজন হৈ পৰিল অসমৰ বাহিৰলৈ যোৱাৰ। ২০১৮ চনত ভাৰতীয় শিবিৰৰ বাবে বাছনি প্ৰক্ৰিয়া আৰম্ভ হ’ব অসমৰ বাহিৰত। বিমানৰ টিকট কাটি বাহিৰত গৈ হোটেলত থকাৰ খৰছ বহন কৰাৰ সামৰ্থ্য হিমাৰ নাছিল। পুনৰ হিমাক সহায়ৰ প্ৰয়োজন হ’ল। এইবাৰ আগবাঢ়ি আহিল ডঃ পুতুল শৰ্মা। যিখন ৰেচত দৌৰি হিমা ভাৰতীয় শিবিৰলৈ নিৰ্বাচিত হ’ল , তালৈ যোৱাৰ সকলো সুবিধা কৰি দিলে ডঃ শৰ্মাই। বিমানৰ খৰছৰ পৰা আৰম্ভ কৰি থকা- খোৱা আদি সকলো।

অুৰাগীৰ মাজত হিমা

ইয়াৰ পিছতে সলনি হ’ল হিমাৰ গতিপথ। ১২ জুলাই, ২০১৮। এই বিশেষ দিনটোতে হিমাই ৰচি পেলালে ইতিহাস। ফিনলেণ্ডত ভাৰতৰ ত্ৰিৰংগ উৰুৱাই ৪০০ মিটাৰত স্বৰ্ণ জিকি আনিলে হিমাই। আজি এডিডাছৰ দৰে আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ ব্ৰেণ্ড এম্বেছেডৰ হোৱাৰ পথো তেতিয়াই খোল খালে হিমাৰ। আৰু অলেখ সন্মান, প্ৰশংসা, মৰম চেনেহ লাভ কৰিলে ধিং এক্সপ্ৰেছ নামে খ্যাত এথলীটগৰাকীয়ে।

এতিয়া হিমাৰ একোৰে অভাৱ নাই। হিমা আজিৰ স্থানলৈ আহি পোৱাৰ আঁৰত নিপন দাস, ডঃ পুতুল শৰ্মা আদিৰ দৰে বহুকেইজন শুভাকাংক্ষীৰ জানো কম অৱদান আছিল। হিমাইও সেয়ে প্ৰতিটো সাক্ষাৎকাৰতে কৃতজ্ঞতাৰে নাম লয় এইসকল পৰ্দাৰ আঁৰৰ নায়কৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *