অলিম্পিয়া প্ৰতিবেদন
শুক্ৰবাৰে এক অবাঞ্চিত পৰস্থিতিৰ সন্মুখীন হয় আগন্তুক টকীঅ’ অলিম্পিকলৈ নির্বাচিত শ্বুটাৰ মনু ভাকেৰ। ঘটনাৰ বিৱৰণি অনুসৰি শ্বুটাৰগৰাকীয়ে শুক্ৰবাৰে প্ৰশিক্ষণৰ বাবে ভূপাললৈ ৰাওনা হোৱাৰ বাবে উপস্থিত হৈছিল দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। কিন্তু বিমানবন্দৰত বিমানবন্দৰ কৰ্মচাৰীৰ দ্বাৰা বাধাৰ সন্মুখীন হয় ভাৰতীয় তাৰকা শ্বুটাৰগৰাকী।
ভাকেৰৰ লগত অতিৰিক্ত সামগ্ৰী থকাৰ বাবে এনেদৰে বাধাৰ সন্মুখীন হয় শ্বুটাৰগৰাকী। বিমানবন্দৰৰ কৰ্মচাৰীয়ে খেলুৱৈগৰাকীৰ লগত থকা অস্ত্ৰৰ বাবে প্ৰশ্ন তোলে। লগতে অতিৰিক্ত সামগ্ৰীৰ বাবে ১০,২০০ টকাৰ জৰিমনা বিহে বিমানবন্দৰৰ কৰ্মচাৰীয়ে। ইয়াৰ পিছতে ক্ষুণ্ণ হৈ পৰে আন্তঃৰাষ্ট্ৰীয় শ্বুটাৰগৰাকী।
সমগ্ৰ ঘটনাৰ কথা উল্লেখ কৰি খেলুৱৈগৰাকীয়ে টুইটাৰত বিষোদগাৰ কৰি কেন্দ্ৰীয় ক্রীড়ামন্ত্ৰী কিৰেণ ৰিজুজু তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক টেগ কৰে। টুইটাৰত তেওঁ উল্লেখ কৰে যে, ডিৰেক্টৰ জেনেৰেল অৱ চিভিল এভিয়েচনৰ অনুমতি থকাৰ পিছতো এনেদৰে বিমানবন্দৰৰ কৰ্মচাৰীৰ প্রশ্নৰ সন্মুখীন হোৱাই নহয়, তেওঁক অপৰাধীৰ দৰে জ্ঞান কৰে। তেওঁলোকে আনকি তেওঁৰ মাতৃৰ মোবাইল ফোনো কাঢ়ি লোৱাৰ অভিযোগ উত্থাপন কৰে খেলুৱৈগৰাকীয়ে।
অৱশ্যে, পিছলৈ কেন্দ্ৰীয় ক্রীড়া মন্ত্ৰীৰ হস্তক্ষেপত ভাকেৰ ভুপাললৈ ৰাওনা হয়। উল্লেখযোগ্য যে, সাধাৰণতে খেলুৱৈ এজনৰ বাবে বিমানত অতিৰিক্ত সামগ্ৰী কঢ়িওৱাৰ সুবিধা থাকে।
You may also like
নৰেন্দ্ৰ মোদী ষ্টেডিয়াম উদ্বোধনী অনুষ্ঠানত অমিত শ্বাহে দেখুৱালে ভাৰতৰ ক্ৰীড়াৰ সোণালী দিনৰ সপোন
আই পি এলত এৰাতিৰ ভিতৰতে কোটিপতি হ’ল টেম্প’চালকৰ পুত্ৰ
নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ধন্যবাদ জনালে সৌৰভ গাংগুলীয়ে
বিজয় হাজাৰেৰ দ্বিতীয় মেচত অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৫ উইকেটত জয়লাভ অসমৰ
মণ্টিনেগ্ৰ’ এড্ৰিয়াটিক পাৰ্ল বক্সিং টুৰ্ণামেণ্টত ভাৰতীয় মহিলাৰ আধিপত্য : পাঁচটা স্বৰ্ণৰ সৈতে মুঠ ১০ টা পদকেৰে শীৰ্ষত ভাৰত