অসমৰ জুনিয়ৰ দবা খেলুৱৈ মায়ংক চক্ৰৱৰ্তীলৈ “কেনণ্ডিডেট মাষ্টাৰ “উপাধি

অলিম্পিয়া প্ৰতিবেদন

অসমৰ এগৰাকী জুনিয়ৰ দবা খেলুৱৈ মায়ংক চক্ৰৱৰ্তী। ২০১৯ চনৰ ৰাষ্ট্ৰীয় দবা চেম্পিয়ন মায়ংক। নতুন দিল্লীত অনুষ্ঠিত অনুৰ্ধ ১১ ৰাষ্ট্ৰীয় দবাত এই খিতাপ অৰ্জন কৰিছিল এইগৰাকী প্ৰতিভাৱান শিশুয়ে। তাৰপাছত এছিয়ান আৰু বিশ্ব চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হৈছিল মায়ংক।ৰূপৰ পদক লাভেৰে এছিয়ান যুৱ দবা চেম্পিয়ন খিতাপ লাভ কৰিছিল গুৱাহাটী চাউৰ্থ পইন্ট স্কুলৰ ছাত্র মায়ংকই ।আনহাতে ২০১৯ ত স্বৰ্ণজয়েৰে ৱেৰ্ষ্টান এছিয়ান যুৱ দবা চেম্পিয়নশ্বিপৰ খিতাপ লাভ কৰিছিল মায়ংকই। শেহতীয়াকৈ “কেনণ্ডিডেট মাষ্টাৰ “ৰ উপাধি যাচিলে ৱৰ্ল্ড চেজ ফেডাৰেচনে। ইয়াৰ পাছতেই সদৌ অসম দবা সন্থা,গুৱাহাটী দবা এচচিয়েচন আৰু গুৱাহাটী দবা একাডেমীয়ে মায়ংকলৈ জনাইছে শুভেচ্ছা।


এছিয়ান য়ুথ দবা চেম্পিয়নশ্বিপত আগবঢ়োৱা প্ৰৰ্দশনৰ ভিত্তিত মায়ংকলৈ এই সন্মান আগবঢ়াইছে বিশ্ব দবা সৰ্বোচ্চ সন্থাটোৱে।মায়ংকই ২০০০ পইন্ট অতিক্ৰম কৰাৰ পাছতেই এই উপাধি দিছে ৱল্ড দবা ফেডাৰেচনে। মায়ংক চক্ৰৱৰ্তী হ’ল অসমৰ একমাত্ৰ দ্বিতীয় শ্ৰেণীৰ দবা খেলুৱৈ। ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত মাষ্টাৰ চাহিল দেয়ে লাভ কৰিছিল “কেনণ্ডিডেট মাষ্টাৰ’ৰ উপাধি।

কণমাণি দবা খেলুৱৈ গৰাকীৰ এই সাফল্যত আনন্দিত অসমৰ ক্ৰীড়ামহল। অসমবাসীয়ে আশা কৰিব আগন্তুক দিনত মায়ংক চক্ৰৱৰ্তীয়ে পদক অৰ্জনেৰে গঢ়ি যাওক এটাৰ পিছত আনটো অভিলেখ।

Leave a Reply

Your email address will not be published. Required fields are marked *