অলিম্পিয়া প্ৰতিবেদন
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন এদিনীয়াত ৬৬ ৰানৰ ব্যৱধানত পৰাস্ত হোৱা ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া ভ্ৰমনকালত এদিনীয়া, টেষ্ট টি টুৱেন্টি সকলোতে ব্যৰ্থ হ’ব। কোনোটো ফৰ্মেটতে বিজয় সাব্যস্ত কৰিব নোৱাৰে দলটোৱে। এই মন্তব্য কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক মাইকেল ভগানে। মাইকেল ভগানক প্ৰায়েই এনেদৰে ভাৰতীয় দলৰ বিৰুদ্ধে কটু সমালোচনা কৰা দেখা পোৱা যায়।
” হয়তো কিছু আগতীয়াকৈ কৈছোঁ, মই ভাবো অষ্ট্ৰেলিয়াই ভাৰতক গোটেইকেইটা ফৰ্মেটতে অতি সহজেই পৰাস্ত কৰিব।” শুক্ৰবাৰে অষ্ট্ৰেলিয়াৰ হাতত ভাৰত পৰাস্ত হোৱাৰ পিছতেই এনেদৰে টুইট কৰে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়কজনে।
ভগানে ভাৰতৰ পাঁচগৰাকীকৈ বলাৰক খেলোৱাৰ পৰম্পৰাগত ধাৰণাকো কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে পাঁচগৰাকীকৈ বিশেষজ্ঞ বলাৰ খেলালে পিছলৈ বেটিঙৰ পৰিসৰ হ্ৰাস পায়।