পুনৰ বক্সিং ৰিঙত এসময়ৰ ‘বেডবয়’

✍️ যুগললোচন দাস



মাইক টাইছন। নামটোতেই আছে শিহৰণ। ৮০-৯০ দশকত বিশ্বৰ বক্সিং ৰিং কঁপাই থকা এইজন মহা প্ৰতাপী বিতৰ্কিত প্ৰাক্তন বক্সাৰে পুনৰ ৰিঙত অৱতীৰ্ণ হোৱাৰ মন মেলিছে। মাইক টাইছনৰ বয়স এতিয়া ৫৪ বছৰ। ১৯৮৬ চনত মাত্ৰ ২০ বছৰ বয়সত বিশ্ব হেভীৱেইট খিতাপ জয় কৰি কনিষ্ঠ বিশ্ব হেভীৱেইট চেম্পিয়ন হৈ ইতিহাস সৃষ্টি কৰিছিল আমেৰিকাৰ মাইক টাইছনে। ২০০৫ চনত ৰিঙৰ পৰা বিদায় লৈ তেওঁ পুনৰ হাতত বক্সিং গ্লোভছ পিন্ধিবলৈ মন কৰাটোৱে কিছু চমকৰ সৃষ্টি কৰিছে। বক্সিংপ্ৰেমীৰ মাজত জল্পনা কল্পনা বাঢ়িছে আকৌ সেই বক্সিঙত ‘অপ্ৰতিৰোধ্য টাইছন’ যুগৰ সূচনা হ’ব নেকি!! 

তেওঁ ৰিঙলৈ প্ৰত্যাবৰ্তন কৰা খবৰটো জানি সকলো উৎকণ্ঠিত হৈ পৰাতো স্বাভাৱিক। ভালেকেইটা বিতৰ্কত সাঙোৰ খাই পৰিলেও টাইছনক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ বক্সাৰ বুলি গণ্য কৰা হয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ বেলিফ’নিয়াৰ ডিগনিটি হেল্‌থ স্পৰ্টছ পাবত ৰয় জোন্স জুনিয়ৰৰ বিৰুদ্ধে যুজঁত অবতীৰ্ণ হ’ব এসময়ৰ অপ্ৰতিৰোধ্য বক্সাৰজন। 

নিজৰ কেৰিয়াৰৰ সময়ত বহুতো বিতৰ্কিত ঘটনাৰে কুখ্যাতি অৰ্জন কৰা মাইক টাইছনক ‘বেডবয়’ বুলিয়েই জনা যায়। মাৰপিট কৰাটো তেওঁৰ জীৱনৰ এটা অংশ হৈ পৰিছিল। ১৯৯৭ চনৰ ২৮ জুনত আমেৰিকাৰৰ লাছ ভেগাছত বিশ্ব হেভীৱেইট খিতাপ যুঁজৰ সময়ত প্ৰতিদ্বন্দী ইভাণ্ডাৰ হলীফিল্ডৰ কান কামুৰি খলনায়কত পৰিণত হৈছিল টাইছন। তেতিয়াৰ পৰা তেওঁৰ ‘কানখোৱা টাইছন’ নাম পাইছিল। এই ঘটনাৰ পিছত বক্সিং ৰিঙত যুঁজাৰ বাবে অনুজ্ঞা পত্ৰখন (লাইচেঞ্চ) জব্দ কৰিছিল নাভাডা ষ্টেট এথলেটিকছ বক্সিং এচোছিয়েশ্যনে। আনকি টাইছনক খেলাৰ পৰা নিষিদ্ধও কৰি থৈছিল কিছুদিন। তদুপৰি ডেজিৰি ৱাশ্চিংটন নামৰ যুৱতী এগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগত কাৰাবাস খাটিব লগীয়া হৈছিল টাইছন। বদমেজাজী স্বভাৱৰ বাবেই টাইছন কুখ্যাত হৈ পৰিলেও তেওঁৰ কিন্তু জনপ্ৰিয়তা কোনোগুনেই কমা নাছিল।

১৯৬৬ চনৰ ৩০ জুনত নিউয়ৰ্কৰ ব্ৰুকলিন চহৰত জন্ম হৈছিল টাইছনৰ। এটা বস্তি অঞ্চলত পৰিয়ালটো থকাৰ বাবে টাইছনে শৈশৱ আৰু কৈশোৰত বৰ ভাল পৰিৱেশ পোৱা নাছিল। চোৰ-ডকাইত, ড্ৰাগছ আসক্ত এইবোৰ বাসিন্দাৰ লগতে জীৱন কটাইছিল। টাইছনৰ দেউতাৰ আৰু মাকৰ নাম আছিল ক্ৰমে ক্ৰিক পেট্ৰিক আৰু ল’ৰল টাইছন। মাইকৰ সম্পূৰ্ণ নামটো হ’ল মাইকেল গেৰাৰ্ড টাইছন। ‘মাইক’ বুলিয়েই মাতে সকলোৱে। পিতৃ ক্ৰিক পেট্ৰিক সম্পূৰ্ণ বেপেৰোৱা স্বভাৱৰ আছিল বাবেই মাকেই টাইছনৰ প্ৰতি যত্ন ল’বলগীয়া হৈছিল। তেওঁৰ দুবছৰ বয়সতেই পিতৃয়ে বেলেগ ঠাইলৈ আঁতৰি গৈছিল। এক জঘন্য পৰিৱেশত ডাঙৰ হোৱাৰ বাবেই টাইছনেও মাৰপিটত লিপ্ত হৈ পৰিছিল। ঘৰত এটা পাৰ চৰাই পুহিছিল টাইছনে। বৰ মৰমৰ আছিল পাৰটো। কিন্তু এদিন অঞ্চলটোৰ আটাইতকৈ বেয়া ল'ৰাটোৱে মাইকৰ মৰমৰ পাৰটো কাঢ়ি নি মাৰি পেলাইছিল। এই ঘটনাত তেওঁ ইমানেই আঘাত পালে যে খঙত অন্ধ হৈ অঞ্চলটোত সকলোৱে ভয় কৰা বেয়া ল’ৰাটোক মাইকে ভালকৈ উত্তম-মাধ্যম দিলে। সেই ঘটনাৰ পিছৰ পৰা মাইক উদণ্ড হৈ পৰিল। বিনা দোষতে আনক মাৰপিট কৰাটো তেওঁৰ নিয়মত পৰিণত হ’ল। এক অনুশাসনহীন জীৱন। স্কুলতো মাৰপিট কৰি ‘বেডবয়’ হৈ পৰিল। 

মাইকৰ শক্তিৰ উমান পাই স্কুলৰ সৈতে জড়িত থকা ববী ষ্টিয়াৰ্টে মাইকক কৈছিল তুমি মাৰপিট কৰি ফুৰাতকৈ বক্সিং নেখেলা কিয়? তোমাৰ আছে প্ৰচণ্ড শক্তি। ববীৰ কথাই মাইকক ভবাই তুলিলে আৰু বক্সিং শিকাৰ আগ্ৰহ কৰিলে। তেতিয়া ববীয়ে এদিন এজন ট্রেইনাৰৰ ওচৰলৈ মাইকক লৈ গৈছিল। সেই ট্রেইনাৰজন আছিল বিখ্যাত কনষ্টেনটাইন কাছ ডি আমাটো। ১৩ বছৰীয়া মাইকৰ ওজন তেতিয়া ২০০ পাউণ্ড। আমাটোৱে মাইকক বক্সিং শিকাবলৈ সন্মত হ’ল। মাকৰ আশীৰ্বাদ লৈ মাইকে বক্সিঙত পূৰ্ণ মনোনিবেশ কৰিলে। নিয়মিতভাবে জিমলৈ গৈ শৰীৰ চৰ্চাও কৰি নিজকে আৰু কৰি তুলিলে শক্তিশালী। বক্সিং শিকিলেও মাৰপিট কৰা পুৰণি অভ্যাস এৰিব নোৱাৰিলে। ১৯৭৮ চনত পুনৰ এক মাৰপিটৰ ঘটনাত মাইকে জে’লৰ ভাত খাবলগীয়া হ’ল। ১৯৮২ চনত স্কুলত বিভিন্ন কু-কৰ্মত লিপ্ত হোৱাৰ বাবে বহিস্কৃত হৈছিল। ১৯৮৪ চনত ট্রেইনাৰ আমাটোৰ মৃত্যুৰ পিছত নতুন ট্রেইনাৰ হয় জিম জেবছ। ইতিমধ্যে অপেছাদাৰী বক্সিঙত দুৰ্দান্ত প্ৰদৰ্শনেৰে জনাজাত হৈ পৰিছিল মাইক। ৰেকৰ্ড আছিল ২৪-৩। এই অনবদ্য প্ৰদৰ্শনৰ বাবেই লছ এঞ্জেলছ অলিম্পিকৰ বক্সিঙত আমেৰিকাৰ হৈ প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত দাবীদাৰ হৈ উঠে তেওঁ। কিন্তু বাছনিত মাইক হেনৰী টিলমেনৰ হাতত দুখনকৈ খেলত পৰাস্ত হোৱাত অলিম্পিকত খেলাৰ সুযোগ হেৰুৱায়। মহম্মদ আলিৰ দৰে মাইক পূৰ্ণ নহ’ল। সেয়ে এমেছাৰ বক্সিং ত্যাগ কৰি প্ৰফেছনেল বক্সিঙত নামিল। 

বয়স ১৮ বছৰ। ১৯৮৫ চনত দুৰ্দান্ত অভিষেক ঘটাই প্ৰথম ৰাউণ্ডৰ যুজঁতেই মাইকৰ হাতত ধৰাসায়ী হৈছিল হেক্টৰ মাৰ্চিডিজ। যাত্ৰাৰ সেয়াই আৰম্ভণি। ২০ বছৰ ১৪৪ দিনত বিশ্বৰ সৰ্বকনিষ্ট বক্সাৰ হিচাবে টাইছন বিশ্ব হেভিৱেইট চেম্পিয়ন হৈ ইতিহাস সৃষ্টি কৰিছিল।


Leave a Reply

Your email address will not be published. Required fields are marked *