মনোজ তিৱাৰী শীঘ্ৰেই তৃণমূল কংগ্ৰেছলৈ

অলিম্পিয়া প্রতিবেদন

আগন্তুক বেংগল নির্বাচনলৈ প্ৰতি লক্ষ্য ৰাখি ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে অতি শীঘ্ৰেই তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। অহা ২৪ ফেব্ৰুৱাৰীত হুগলিত অনুষ্ঠিত হ’বলগীয়া এখন নিৰ্বাচনী সমাৰোহত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতিত কংগ্ৰেছ, বিজেপিৰ বহুকেইজন নেতাৰ সৈতে একেলগে ক্ৰিকেটাৰগৰাকীয়ে যোগ দিব।

যোৱা ২২ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যি ঠাইত মুকলি সভাত অংশ লৈছিল,সেই একে ঠাইতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সভাখন অনুষ্ঠিত হোৱাৰ কথা। ৩৫ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে ভাৰতৰ হৈ এদিনীয়া আৰু টি টুৱেন্টিত অংশ লৈছিল। বৰ্তমান বেংগল ক্ৰিকেট দলৰ প্ৰতিনিধিত্ব কৰি থকা খেলুৱৈগৰাকীয়ে আই পি এলত কলকাতা নাইট ৰাইদাৰ্ছ, কিংছ ইলেভেন পঞ্জাৱ আৰু পুণে ছুপাৰ জায়ন্টছৰ হৈ খেলিছিল। উল্লেখযোগ্য যে তৃণমূল কংগ্ৰেছৰ পৰা পশ্চিমবংগৰ আন এগৰাকী ক্ৰিকেটাৰ লক্ষ্মীৰতন পাল শুক্লাই অব্যাহতি লোৱাৰ পিছত এতিয়া মনোজ তিৱাৰীৰ যোগদানে দলটোক নতুনকৈ উজ্জীৱিত কৰি তুলিব বুলি আশা কৰিছে দলটোৰ সমৰ্থকসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *