মিঃ লালুক ২০২১ সম্পন্ন; মিঃ লালুকৰ খিতাপ ৰাহুল শ্বেখলৈ

অলিম্পিয়া প্ৰতিবেদন

সফলতাৰে সমাপ্ত ঘটিল মিষ্টাৰ লালুক ২০২১ৰ। দেওবাৰে লালুকৰ গণ ভৱনত অনুষ্ঠিত সদৌ অসম দেহশ্রী প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন জিলাৰ শতাধিক প্ৰতিযোগীয়ে অংশ লয়। মাই জিমৰ উদ্যোগত তথা অসম বডী বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছ’চিয়েচনৰ সৌজন্যত আয়োজিত প্ৰতিযোগিতাখনত মিষ্টাৰ লালুকৰ খিতাপ দখল কৰে গুৱাহাটীৰ ৰাহুল শ্বেখে। দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে মাৰ্ঘেৰিটাৰ বীৰ মুণ্ডা আৰু ডিব্ৰুগড়ৰ ৰাজেশ শ্বাহ।

ইপিনে, মডেল ফিজিক শাখাত শ্ৰেষ্ঠত্ব অর্জন কৰে ধুবুৰীৰ কৌশিক দেই। মডেল ফিজিকত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে ধেমাজিৰ গোপাল দাস গয়াৰী আৰু নগাঁৱৰ অৰুণ বণিয়াই। প্ৰতিযোগিতাখন পৰিচালনা কৰে আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী তথা আছাম ৱেইটলিফটিং এছোচিয়েচনৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে। তেওঁক সহযোগ কৰে প্ৰশান্ত বৰা, হিমাংশু কলিতা, মনোজ বড়ো, সুশীল বৰদলৈ আৰু অনন্ত গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *