১ মে’ত মিষ্টাৰ শৰাইঘাট; লক্ষাধিক প্ৰাইজমানিৰে নতুন ৰূপত এই বৰ্ষৰ মিঃ শৰাইঘাট

অলিম্পিয়া প্রতিবেদন

দেশৰ এখন অন্যতম আগশাৰীৰ শৰীৰচর্চা প্ৰতিযোগিতা আৰ জি বৰুৱা মেমৰিয়েল অল ইণ্ডিয়া ক্লাছিক বডী বিল্ডিং চেম্পিয়নশ্বিপ ‘মিষ্টাৰ শৰাইঘাট’খন এইবাৰ ১ মেত আয়োজন কৰা হৈছে।

গুৱাহাটীৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে দেশ-বিদেশৰ খেলুৱৈৰ পৰা আৱেদন আহ্বান কৰিছে অসম বডী বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছোচিয়েচনে।

অসম বডী বিল্ডাৰ্ছ এণ্ড ফিটনেছ এছোচিয়েচনৰ সহযোগত তথা শৰাইঘাট জিমৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাখনৰ মুঠ প্ৰাইজমানি ৫ লাখ ৮৫ টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰে মিষ্টাৰ শৰাইঘাট টাইটেলৰ বাবে ১ লাখ ৫০,০০০, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাবে নিৰ্ধাৰণ কৰা হৈছে ক্ৰমে ১ লাখ টকা আৰু ৮০,০০০ টকা। শীৰ্ষ দহটা স্থানপ্ৰাপ্তক পুৰস্কাৰ প্ৰদান কৰিবলগীয়া প্ৰতিযোগিতাৰ বাকী স্থান প্ৰাপ্তসকলক প্ৰদান কৰা হব ক্ৰমে ৬০,০০০, ৫০,০০০, ৪০,০০০, ৩০,০০০ আৰু ২৫,০০০ কৈ।

আনহাতে, উক্ত প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি সাদিন প্ৰতিদিন গোষ্ঠীৰ সহযোগত অয়োজিত হ’ব চতুৰ্থ মিষ্টাৰ শৰাইঘাট আছাম অল আছাম বডী বিল্ডিং চেম্পিয়নশ্বিপৰ। চলিত বৰ্ষৰ প্ৰতিযোগিতাত মহিলাৰ স্পৰ্টছ মডেল ফিজিক শাখা এটাও নতুনকৈ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এইবাৰ ছাই বিকা ৱ’মেনছ স্পৰ্টছ মডেল ফিজিক চেম্পিয়নশ্বিপৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ক্ৰমে ২৫,০০০, ১৫,০০০ আৰু ১০,০০০ টকাৰ নগদ ধনৰ পুৰস্কাৰ।

প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ মিষ্টাৰ শৰাইঘাট ২০২১ ৰ আয়োজক কমিটিৰ সম্পাদক ভৱজ্যোতি গোস্বামীক যোগাযোগ কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *