স্থানীয়ক উপেক্ষা, বহীৰাগতক সুবিধাঃ গোৱাত খেলুৱৈৰ বাছৰ সন্মুখত প্ৰতিবাদত বহিল কংগ্ৰেছ

কালিৰে পৰা গোৱাত অনুষ্ঠিত হব ইণ্ডিয়ান ছুপাৰ লীগ চমুকৈ ‘আই এছ এল’। প্ৰতিযোগিতাখনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা থকাৰ সময়ত প্ৰতিবাদৰ সন্মুখীন হল প্ৰতিযোগিতাখনত ভাগলবলৈ যোৱা খেলুৱৈ। গোৱাৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ অভিযোগ, প্ৰতিযোগিতাখনত বিভিন্ন কামৰ বাবে স্থানীয় লোক সকলক উপেক্ষা কৰা হৈছে। তাৰ বিপৰীতে বহিৰাগতসকলক হে প্ৰতিযোগিতাখনৰ বিভিন্ন কাম কাজৰ বাবে অগ্ৰাধীকাৰ দিয়া হৈছে।

গোৱাৰ কংগ্ৰেছ দলৰ অভিযোগ, প্ৰতিযোগিতাখন গোৱাত অনুষ্ঠিত হৈছে অথচ গোৱাৰ টেক্সি চালক, গাড়ী, বাছ বা খাদ্যসামগ্ৰী বিতৰকসকলে কোনো সুবিধা লাভ কৰা নাই। সকলোবোৰ অনা হৈছে অন্য ৰাজ্যৰ পৰা। প্ৰধানমন্ত্ৰীৰ ভকেল ফৰ লোকেল শ্লগানক উপেক্ষা কৰিছে আই এছ এল কৰ্তৃপক্ষই।

স্থানীয় কংগ্ৰেছৰ সদস্যসকলে আজি ‘মুম্বাই চি টি এফ চি’ৰ বাছ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিছে।অনুশীলনৰ বাবে যোৱা দলটোৱে বাছৰ পৰা নমাৰ সুযোগেই লাভ নকৰিলে। মুম্বাই চি টি এফচিৰ বাছখন অৱৰোধ কৰি কংগ্ৰেছৰ দাবী সেই বাছখন উত্তৰ প্ৰদেশৰ। সেয়ে কংগ্ৰেছ কৰ্মীসকলে বাছখনৰ পৰা খেলুৱৈসকলক নামিবলৈ নিদিলে।

খেলুৱৈ তথা বিদেশী প্ৰশিক্ষকৰ আগতেই এইদৰে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰাত অস্বস্তিত পৰিছে আই এছ এল কৰ্তৃপক্ষ। যাৰ বাবে আজি কংগ্ৰেছৰ নেতাসকলৰ লগত এক বৈঠকত মিলিত হোৱাৰ কথা আই এছ এল কৰ্তৃপক্ষ। এই আলোচনা সফল নহলে কালিলৈ অনুষ্ঠিত হবলগীয়া উদ্বোধনী খেলখনত পুনৰ প্ৰতিবাদ হোৱাটো নিশ্চিত হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *