এলিছ পেৰীৰ বিবাহ বিচ্ছেদ; ট্ৰলৰ সন্মুখীন হ’ল মুৰুলী বিজয়

অলিম্পিয়া বাৰ্তা

ইণ্টাৰনেটৰ পৃথিৱীখন এখন মুক্ত পৃথিৱী। ইয়াৰ ব্যৱহাৰকাৰীসকল লেকাম নোহোৱা ঘোঁৰাৰ নিচিনা। বাধাহীনভাৱে মনৰ ভাৱ ব্যক্ত কৰিব পাৰে ইয়াত সকলোৱে। সেয়ে কেতিয়াবা চেলিব্ৰেটিসকলৰ মূৰৰ কামোৰণি হৈ পৰে এই ইন্টাৰনেটৰ পৃথিৱীখন।

শেহতীয়াকৈ তেনে এক ঘটনাৰেই সাক্ষী হ’ল ভাৰতীয় ক্ৰিকেটাৰ মুৰুলী বিজয়। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেটাৰ এলিছ পেৰীয়ে শেহতীয়াকৈ বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছে। বিবাহৰ পাঁচ বছৰৰ পিছত মেট টমুৱাৰ সৈতে বিবাহৰ সম্পৰ্ক ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ক্ৰিকেটাৰগৰাকীয়ে। এই সম্পৰ্কে অষ্ট্ৰেলিয়ান ৰাগবি খেলুৱৈ মেট টমুৱাৰ আৰু ক্ৰিকেটাৰ এলিছ পেৰীয়ে যুটীয়াভাৱে মন্তব্য প্ৰকাশ কৰি তেওঁলোকে আলোচনাৰ মাধ্যমেৰে এই সিদ্ধান্তত উপনীত হৈছে বুলি উল্লেখ কৰিছে।

“আমি সিজনে সিজনৰ প্ৰতি সম্পূৰ্ণ সন্মান জনাই বিচ্ছেদৰ সিদ্ধান্তত উপনীত হৈছোঁ। আমি অনুভৱ কৰিছো যে এয়াই এই মুহূৰ্তত আমাৰ জীৱনৰ বাবে সঠিক সিদ্ধান্ত। ” যুটীয়া মন্তব্যটোত এইদৰে উল্লেখ কৰে পেৰী আৰু টমুৱাৰে।

কিন্তু পেৰীৰ বিবাহ বিচ্ছেদৰ প্ৰসংগক এতিয়া টুইটাৰত বহুতে মুৰুলী বিজয়ৰ সৈতে সাঙুৰিছে। কিয়নো কেইদিনমানৰ আগতে মুৰুলীয়ে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰগৰাকীৰ সৈতে নৈশ ডেটত যোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল। বহুতে এতিয়া মুৰুলীৰ সেই ইচ্ছাই পেৰীৰ বিবাহ বিচ্ছেদৰ এক অন্যতম কাৰণ হ’ব পাৰে বুলি সন্দেহ কৰিছে। তাকে লৈ ট্ৰলৰ সন্মুখীন হৈছে মুৰুলী। কেইজনমান টুইটাৰ ব্যৱহাৰকাৰীৰ মন্তব্য তলত প্রকাশ কৰা হ’ল।

https://twitter.com/Poudelsagar518/status/1287281358184706048?s=20


Leave a Reply

Your email address will not be published. Required fields are marked *