পুত্ৰৰ গ’লৰ আনন্দত মৃত্যু সাৱটিলে পিতৃয়ে

অলিম্পিয়া প্ৰতিবেদন

এগৰাকী ফুটবলাৰৰ বাবে প্ৰতিপক্ষক পৰাভূত কৰি গ’ল কৰাতেই নিহিত থাকে তেওঁৰ দক্ষতা। গ’ল কৰাৰ মুহূৰ্তটো সকলো ফুটবলাৰৰ বাবে চৰম আনন্দৰ মুহূৰ্ত। কিন্তু এইগৰাকী ফুটবলাৰৰ বাবে তেওঁ কৰা গ’লটোৱেই হৈ পৰিল চৰম বিষাদৰ কাৰণ। ক্লাব ফুটবলৰ প্রথমটো গ’লে তেওঁৰ বাবে আনন্দৰ পৰিৱৰ্তে কঢ়িয়াই আনিলে বিষাদ।

ঘটনাটো চেম্পিয়নছ লীগৰ। বুধবাৰে অনুষ্ঠিত এখন মেচত মানচেষ্টাৰ চিটিয়ে লাভ কৰে বৃহৎ জয়। প্ৰতিপক্ষ আৰবি লাইপজিগক ৬-৩ গ’লৰ ব্যৱধানত পৰাস্ত কৰে তাৰকা সমৃদ্ধ মানচেষ্টাৰ চিটিয়ে। খেলখনৰ ১৬ মিনিটত নাথান
আকেই প্ৰথমটো গ’ল দি দলক অগ্ৰগতি প্ৰদান কৰে। কিন্তু এই গ’লটোৱেই কাঢ়ি নিলে প্ৰতিভাৱান ফুটবলাৰগৰাকীৰ পিতৃক। পুত্ৰই গ’ল দিয়াৰ আনন্দতে শয্যাশায়ী পিতৃয়ে চকু মুদে চিৰদিনলৈ। উল্লেখযোগ্য যে, নাথান আকেৰ পিতৃ দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছিল। দুৰাৰোগ্য কেন্সাৰত আক্ৰান্ত হৈ আছিল খেলুৱৈগৰাকীৰ পিতৃ। সামাজিক মাধ্যম যোগে পিতৃৰ বিয়োগৰ খবৰ জনায় মানচেষ্টাৰ চিটিৰ ডিফেণ্ডাৰ নাথান আকেই।

Leave a Reply

Your email address will not be published. Required fields are marked *