অসম বক্সিঙৰ উদিত সূৰ্য গৌৰৱ মজুমদাৰ

অলিম্পিয়া প্ৰতিবেদন

এগৰাকী অসমৰ ১৮ বছৰীয়া বক্সাৰ ।নাম গৌৰৱ মজুমদাৰ।জন্মলগ্নৰে পৰা বক্সিঙৰ এক পৰিবেশত ডাঙৰ হৈছে তেওঁ।সম্বন্ধত আন্তঃৰাষ্ট্ৰীয় বক্সাৰ কল্পনা চৌধুৰী গৌৰৱৰ মাহিয়েক।পৰিয়ালৰ জেষ্ঠ জনৰ পদাংক অনুসৰণ কৰি বৰ্তমান ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজলিছে এইগৰাকী গৌৰৱ মজুমদাৰ।তাৰকা বক্সাৰ কল্পনা চৌধুৰীৰ ওপৰিও বক্সাৰ ৰেছমি গড়, সুৰজ সিং, অৰুণা সিং গড়, সঞ্জীৱ দাস, সুস্মী গড়, আৰু প্ৰশিক্ষক বাবলু গড়ৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছে গৌৰৱে।বক্সিঙেৰে বিশ্বজয় কৰাৰ সপোন ৰচিছে এইগৰাকী গৌৰৱ মজুমদাৰে।


ইতিমধ্যে গৌৰৱৰ বক্সিঙৰ যাত্রা আৰম্ভ হৈছে।চলিত বৰ্ষৰ জুলাই মাহত হাৰিয়ানাৰ শনিপাতত অনুষ্ঠিত “চৰ্তুথ ৰাষ্ট্ৰীয় যুৱ পুৰুষ-মহিলা বক্সিং চেম্পিয়নশ্বিপ”ত গৌৰৱে অৰ্জন কৰিছে ব্ৰঞ্জৰ পদক।হিমাচলৰ প্ৰতিপক্ষ বক্সাৰৰ বিৰুদ্ধে যুঁজত নামিছিল গৌৰৱ।এই সাফল্যৰ বাবেই গৌৰৱে কুলেন কলিতা সোঁৱৰণি বঁটাও লাভ কৰিছে অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ তৰফৰ পৰা।


লিডুত জন্মগ্ৰহন কৰা এই গৰাকী বক্সাৰৰ পিতৃ উত্তম মজুমদাৰ আৰু মাতৃ সৰিতা মজুমদাৰ।ইতিমধ্যে ২০১৯-২০বৰ্ষত গৌৰৱে খেলো ইণ্ডিয়াত দুবাৰকৈ অংশ গ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।ইয়াৰোপৰি ২০১৭-১৮ বৰ্ষত ৰাষ্ট্ৰীয় স্কুল গেমছত গৌৰৱে দুবাৰকৈ অংশ গ্ৰহণ কৰি ব্ৰঞ্জ পদক লাভেৰে ৰাজ্যলৈ কঢ়িয়াই আনিছে সুনাম।


বৰ্তমান সৰুসজাইৰ বক্সিং একাডেমীত প্ৰশিক্ষক অমৰ ডেকা আৰু গীতা চানুৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে প্ৰতিভাৱান বক্সাৰ গৰাকীয়ে।ইয়াৰ পূৰ্বে সম্বন্ধীয় মহাক বাবলু গড় আৰু বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদকপ্ৰাপ্ত প্ৰথমগৰাকী অসমৰ বক্সাৰ তথা মাহিয়েক কল্পনা চৌধুৰীৰ পৰাও বক্সিঙৰ আদিপাঠ লাভ কৰিছিল।সম্প্ৰতি গুৱাহাটীৰ গোটানগৰ নামবাৰী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ গৌৰৱ ।পঢ়াৰ মাজতেই বক্সিঙৰ সাধনা অব্যাহত ৰাখিছে এইগৰাকী উদিত বক্সাৰে।


উল্লেখযোগ্য যে ২০২২ ৰ খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে গৌৰৱে।ইয়াৰোপৰি গৌৰৱৰ সন্মুখত আছে নেচনেল স্কুল গেমছ ২০২১।
ৰাষ্ট্ৰীয় পৰ্য্যায়ত ধাৰাবাহিকভাৱে সুনাম অৰ্জন কৰিলেও গৌৰৱে নিতৌ যুঁজ দিবলগীয়া হৈছে দৰিদ্ৰতাৰ সৈতে।এখন সামান্য চাহ দোকানেই আৰ্থিক সম্বল গৌৰৱৰ পৰিয়ালৰ ।সম্প্ৰতি অনুশীলন বন্ধ হৈ থকাৰ বাবে ঘৰতে থকা গৌৰৱে সময় পালেই চাহ দোকানত নিজ পিতৃ-মাতৃক সহায়ৰ হাত আগবঢ়ায়।তথাপি এগৰাকী সুদক্ষ বক্সাৰ হোৱাৰ আশা বাদ দিয়া নাই গৌৰৱে।গোপনে পোহপাল দিছে অলিম্পিকলৈ যোৱাৰ সপোনো।যাৰ বাবে কঠোৰ অনুশীলন অব্যাহত ৰাখিছে যুৱ বক্সাৰগৰাকীয়ে।

ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিব আন্তঃৰাষ্ট্ৰীয় বক্সাৰ কল্পনা চৌধুৰীৰ আৰ্দশৰে বক্সিংৰ ক্ষেত্রখনত আগুৱাই যাওক অসম বক্সিঙৰ উদিত সূৰ্য গৌৰৱ মজুমদাৰ।কঠোৰ সাধনাই গৌৰৱলৈ কঢ়িয়াই আনক সফলতাৰ নিত্য নতুন বাৰ্তা।

Leave a Reply

Your email address will not be published. Required fields are marked *