অলিম্পিয়া প্ৰতিবেদন
ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৬টাকৈ স্বৰ্ণ,ব্ৰঞ্জ আৰু ছিলভাৰ পদক অৰ্জন বিশ্বনাথৰ ৪ খেলুৱৈৰ ।যোৱা ২৭ আৰু ২৮ নম্বেৱৰত গুজৰাটত সোমনাথত অনুষ্ঠিত হোৱা ২৩ তম্ অল ইণ্ডিয়া ৱাড’ কাই কাৰাটে চেম্পিয়নশ্বিপ-২০২১ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্বৰ্ণ,ব্ৰঞ্জ আৰু ছিলভাৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ জিলাৰ ৪ খেলুৱৈয়ে ৷উল্লেখ্য যে, প্ৰশিক্ষক তন্ময় নাথৰ নেতৃত্বত যোৱা চাৰিজনীয়া দলটোত মুনমী দাসে স্বৰ্ণ পদক,প্ৰণৱ জ্যোতি বৰাই ব্ৰঞ্জ আৰু ছিলভাৰ,য়াছ ছেত্ৰীয়ে ব্ৰঞ্জ আৰু চাব জুনিয়ৰ শাখাত ভাগ্যশ্ৰী ভূঞাঁই দুটাকৈ সোণৰ পদক লাভ কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে ৷চাৰিওৰে এই সফলতাত জিলাখনৰ বহু ব্যক্তি বিশেষ,দল-সংগঠনে সম্বৰ্ধনা জনোৱাৰ লগতে ভূয়সী প্ৰশংসা কৰে ৷
✍️বিশ্বনাথ চাৰিআলিৰ পৰা হোমেন বৰ্মনৰ প্ৰতিবেদন