ডিব্ৰুগড়ত নেটবলৰ প্ৰশিক্ষণ।এজাক কিশোৰ-কিশোৰীৰ ব্যাপক উৎসাহ ।

অলিম্পিয়া প্ৰতিবেদন

ৰাজ্যত ক্ৰমাৎ স্বাভাৱিক হৈছে ক্ৰীড়াৰ পৰিৱেশ। এজাক ক্রীড়াবিদৰ ক্রীড়া কুশলতাত পুনৰ সাৰ পাই উঠিছে ৰাজ্যৰ ক্রীড়াক্ষেত্ৰ। ৰাজ্যত ইখনৰ পিছত সিখনকৈ ক্রীড়া প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ সময়তে ডিব্ৰুগড়ত দেখা পোৱা গৈছে এজাক খেলুৱৈৰ ব্যাপক উৎসাহ।

ডিব্ৰুগড়ৰ বকুল উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দীৰ্ঘদিন ধৰি অনুষ্ঠিত হৈ থকা নেটবল প্ৰশিক্ষণত এইসকল কিশোৰ-কিশোৰীয়ে ব্যাপক উৎসাহ-উদ্দীপনাৰে প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। নেটবল এছ’চিয়েছন অৱ ডিব্ৰুগড়ৰ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষণ প্ৰদান কৰিছে এন এফ আইৰ অনুমোদিত প্ৰশিক্ষক তথা এথেলেটিক ফেডাৰেচন অৱ ইণ্ডিয়াৰ District Technical Official অংকিত মহন্তই। দেওবাৰে প্ৰশিক্ষণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ফেডাৰেচন ফৰ এডুকেচন, স্পৰ্টছ এণ্ড হেলথ্’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ তৰফৰ পৰা খেলুৱৈ সকলক ক্রীড়া সামগ্ৰী যোগান ধৰা হয়। সেই উদ্দেশ্যে আয়োজিত উক্ত অনুষ্ঠানত সমল ব্যক্তি ৰূপে উপস্থিত থাকে তিনিচুকীয়া ছাইৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান তাপস ভৌমিক, ফেছ আৰু নেটবল এছোচিয়েছন অৱ ডিব্ৰুগড়ৰ সম্পাদক ৰাতুলমণি মহন্ত, ডিব্ৰুগড় খো খো সন্থাৰ সভাপতি তথা ফেছ আৰু নেটবল এছ’চিয়েছন অৱ ডিব্ৰুগড়ৰ উপ-সভাপতি মনোৰঞ্জন হাজৰিকা, প্ৰবীণ ক্রীড়াবিদ ৰমেশ বৰুৱা, ক্রীড়া স্নাতক মিঃ জুৱেল স্থানীয় সাংবাদিক মুক্তামণি হাজৰিকা, হোমেন ফুকনকে আদিকে কৰি বিশিষ্ট লোকসকল।

অনুষ্ঠানৰ শেষত ফেছ তথা নেটবল এছোচিয়েছন অৱ ডিব্ৰুগড়ৰ উপ-সভাপতি মনোৰঞ্জন হাজৰিকাই ডিব্ৰুগড়ত বিগত সময়চোৱাত নেটবলৰ ক্ষেত্ৰখনে লাভ কৰা প্ৰসাৰতাৰ বিষয়ে সবিশেষ উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *