পূজাৰাৰ আন এক মাইলষ্ট’ন

অলিম্পিয়া প্ৰতিবেদন

চলিত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত আন এক মাইলৰ খুটি স্পৰ্শ কৰে ভাৰতীয় ক্ৰিকেটাৰ চেটেশ্বৰ পূজাৰাই। ছিডনীত অনুষ্ঠিত চিৰিজৰ তৃতীয়খন মেচত দুয়োটা ইনিংছতে অৰ্ধ-শতক অর্জন কৰা পুজাৰাই সম্পূৰ্ণ কৰে ৬০০০ টেষ্ট ৰান। টেষ্ট মেচত ৬ হাজাৰ ৰান সম্পূৰ্ণ কৰা পূজাৰা হৈছে ভাৰতৰ একাদশতম ক্ৰিকেটাৰ।

ছিডনী টেষ্টত প্ৰথম ইনিংছত ৫০ ৰান সম্পূৰ্ণ কৰা পূজাৰাই দ্বিতীয় ইনিংছত ৭৭ ৰানৰ সময়োপযোগী এটা ইনিংছ উপহাৰ দিয়ে।

উল্লেখযোগ্য যে, পূজাৰাই এই পৰ্যন্ত ৮০ খন টেষ্টৰ ১৩৪ টা ইনিংছত ৪৭.৮৫ গড়ে ৬০৩০ ৰান সংগ্ৰহ কৰিছে। ভাৰতীয় টেষ্ট দলত ৰাহুল দ্ৰাবিড়ৰ যোগ্য উত্তৰসুৰী ৰূপে খ্যাতি অৰ্জন কৰা পূজাৰাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্রথম দুখন মেচত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম নহলেও তৃতীয়খন মেচত দললৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *