ভাৰত-নিউজিলেণ্ড টেষ্ট ড্ৰ

অলিম্পিয়া প্ৰতিবেদন

অপ্ৰত্যাশিত ভাৱে ড্ৰৰে সামৰণি পৰিল ভ্ৰমণকাৰী নিউজিলেণ্ড আৰু ভাৰতৰ প্ৰথম টেষ্ট মেচ । কাণপুৰৰ গ্ৰীণপাৰ্কত কিৱি দলে ৰক্ষণাত্মক স্হিতিৰে মেছখন ড্ৰ ৰাখিবলৈ সক্ষম হয় । দলটোৰ টেলএণ্ডাৰ সকলৰ দৃঢ়তাৰ বাবেই জয়ৰ নিচেই কাষ চাপিও ভাৰতে মেছখন নিজৰ হাতলৈ আনিব নোৱাৰিলে । ৰচিন ৰবিন্দ্ৰনে ৯১ টা বলত ১৮ ৰাণত অপৰাজিত হৈ ৰোৱাৰ লগতে এজাজ পেটেলে ২৩ টা বলত কৰে মাত্ৰ ২ ৰাণ । একেদৰে টম ব্লাণ্ডেলে ৩৮ টা বলত ২ আৰু কাইল জেমিশ্বনে ৩০ টা বলত কৰে মাত্ৰ ৫ ৰাণ।

ঘৰুৱা দলটোৱে প্ৰথম ইনিংছত ৩৪৫ আৰু দ্বিতীয় ইনিংছত ৭ উইকেটত ২৩৪ ৰাণ কৰি জয়ৰ বাবে কিৱি দলটোক ২৮৪ ৰাণৰ লক্ষ্য বান্ধি দিছিল । কিন্তু প্ৰথম ইনিংছত ২৯৬ ৰাণ কৰা নিউজিলেণ্ডে সোমবাৰে দ্বিতীয় ইনিংছত ৯ উইকেটত ১৬৫ ৰাণ কৰি মেচখন ড্ৰৰে সামৰণি মাৰে । দ্বিতীয় ইনিংছত ভাৰতীয় বলাৰৰ ভিতৰত ৰৱিন্দ্ৰ জাদেজাই ৪ টা আৰু ৰৱিচন্দ্ৰন অশ্বিনে ৩ টা উইকেট দখল কৰে । প্ৰথম ইনিংছত শতৰাণ কৰা শ্ৰেয়াছ আয়াৰে দ্বিতীয় ইনিংছত ৬৫ ৰাণ কৰি এক নতুন অভিলেখ গঢ়ে । অভিষেক টেষ্টতে এটা শতক আৰু এটা অৰ্ধশতক কৰা আয়াৰ ভাৰতৰ প্ৰথমগৰাকী বেট্চমেন ৰূপে পৰিগণিত হয় । মেন অৱ দ্যা মেছ ট্ৰফি লাভ কৰে শ্ৰেয়াছ আয়াৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *