একেটাই কাহিনী; পুনৰ উপৰ্যপূৰি পৰাজয় নৰ্থ ইষ্ট ইউনাইটেডৰ

অলিম্পিয়া প্ৰতিবেদন

কাহিনী একেটাই। প্ৰথমে জয়। মাজলৈ কেইখনমান মেচত ড্ৰ আৰু চিজনৰ শেষান্তাৰত উপৰ্যপূৰি পৰাজয়। ভাৰতীয় ফুটবলপ্ৰেমীৰ বাবে এয়া এক চিনাকি ছবি। বিশেষকৈ উত্তৰ-পূবৰ ফুটবলপ্ৰেমীয়ে প্ৰতিবছৰে সন্মুখীন হৈ অহা হতাশাজনক এখন চিনাকি প্ৰতিচ্ছবি।

ক’বলৈ বিচাৰিছোঁ নৰ্থ ইষ্ট ইউনাইটেডৰ কথা। আই এছ এলত উত্তৰ-পূবক প্ৰতিনিধিত্ব কৰা জন আব্ৰাহাম মালিকানাধীন দলটোৱে প্ৰতিবছৰৰ দৰে এইবাৰো প্ৰদৰ্শনৰ ক্ষেত্ৰত পূৰ্বৰেই ধাৰাবাহিকতা দেখুৱাবলৈ সক্ষম হৈছে। আই এছ এলৰ প্ৰথমটো চিজনত পইণ্ট তালিকাৰ অন্তিম স্থানত থকা দলটোৱে ধাৰাবাহিকভাৱে বিফলতাৰ নিদৰ্শন দাঙি ধৰিছে।

২০১৮ লৈকে ক্ৰমাগতভাৱে বিফলতাৰ পিছত আই এছ এলৰ পঞ্চমটো সংস্কৰণত দলটোৱে প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰে ছেমি ফাইনেলত। ২০১৯-২০ চিজনৰ প্ৰথম ভাগত দলটোৱে প্ৰথম ৬ খন মেচত অপৰাজেয় হৈ থাকি অন্তিম ৭ খন মেচৰ এখনতো জয় সাব্যস্ত কৰিব নোৱাৰি তালিকাৰ নৱম স্থানতে সন্তুষ্ট থাকিবলগীয়া হয়। এনেদৰেই চিজনৰ প্ৰথমে কিছু উন্নত প্ৰদৰ্শন আগবঢ়াই শেষৰফালে ব্যৰ্থতাৰ ধাৰাবাহিকতাৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰাটো নৰ্থ ইষ্ট ইউনাইটেডৰ সহজাত চৰিত্ৰলৈ ৰূপান্তৰ ঘটিছে।

চলিত চিজনতো প্ৰাৰম্ভিক পৰ্যায়ত দলটোৱে যথেষ্ট ভাল প্ৰদৰ্শন আগবঢ়াইছিল যদিও ধাৰাবাহিকতা ৰক্ষা কৰাত দলটো পুনৰ ব্যৰ্থ হৈছে। শেহতীয়াকৈ শেষৰ দুখন মেচত ক্ৰমে ইষ্ট বেংগল আৰু হায়দৰাবাদ এফ চিৰ হাতত শোচনীয়ভাৱে পৰাস্ত হোৱাৰ পিছত এতিয়া আকৌ পূৰ্বৰ দৰেই দলটো ছেমি ফাইনেলৰ পৰা বাহিৰ হ’ব লাগিব বুলি আশংকা প্ৰকাশ কৰিছে দলটোৰ অনুৰাগীসকলে। মুঠ ৩ খন মেচত পৰাজয় আৰু ৫ খনক মেচ ড্ৰ খেলা দলটোৰ পইণ্ট তালিকাত বৰ্তমান অৱস্থান হৈছে সপ্তম।

Leave a Reply

Your email address will not be published. Required fields are marked *