অলিম্পিয়া আৰ্কাইভ: শতবৰ্ষ গৰকাৰ দিশে অসম ভলীবল সন্থা

অলিম্পিয়া বিশেষ লেখা

(মূল লেখক: নগেন্দ্ৰনাথ বৰ্মন, প্ৰাক্তন খেলুৱৈ, প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল ৰেফাৰী)

আমেৰিকাৰ জনপ্ৰিয় খেল যদিও ৰাগবি আৰু বাস্কেটবল আছিল, তথাপি ডব্লিউ জি মৰগান নামৰ আমেৰিকাৰ ক্ৰীড়াপ্ৰেমীজন এনে এটা খেলৰ সন্ধানত আছিল, যিটো কম কষ্টৰ, সকলো বয়সৰ লোকে খেলিব পাৰে, আৰু যিটো খেলিবলৈ বৰ বেছি ঠাইৰো প্ৰয়োজন নহয়। সেই কথা ভাবি তেওঁ প্ৰথমে এটা দলত নজনকৈ খেলুৱৈ মুঠতে দুয়োটা দলত ওঠৰজন খেলুৱৈয়ে খেলিব পৰা খেল এটাৰ সূত্ৰ উদ্ভাৱন কৰিলে। বলটো আছিল ‘কাফ’ চামৰাৰ,হাতেৰে খেলিব পৰা ধৰণৰ। তেনেকৈয়ে ভলীবল খেলৰ জন্ম হ’ল। প্ৰথম বিশ্ব যুদ্ধৰ পিছত এটা দলত ছজন খেলুৱৈয়ে খেলিব পৰা নিয়মৰ সৃষ্টি হ’ল। এয়া আছিল ঊনৈছ শতিকাৰ শেষৰ ফালৰ কথা। অতি কম মাটিৰ ওপৰত(১৮×৯মিটাৰ অথবা ৫৯ ফুট ৩ ইঞ্চি× ২৯ ফুট ৬ ৩/৮ ইঞ্চি) মাজত দুয়ো কাষে দুটা খুটা পুতি নেট এখন লগাই বল এটাৰে সহজে দুটা দলে সকলো সময়তে খেলিব পৰা খেলবিধেই হল ভলীবল। এনে ধৰণৰ সুবিধাৰ বাবেই আৰু খেলবিধত থকা শিহৰণৰ বাবেই ক্ৰমে এই খেলে সমগ্ৰ বিশ্বতে প্ৰসাৰতা লাভ কৰে।


ভাৰতলৈও এই খেলবিধৰ আমদানি ঘটে বিংশ শতিকাৰ আৰম্ভণি কালছোৱাত। ভলীবলৰ এই প্ৰসাৰত মিছনেৰী আৰু আমেৰিকাৰ সৈন্যসকলৰ বিশেষ অৱদান আছে। ১৯৪৭ চনত ইন্টাৰনেচনেল ভলীবল ফেডাৰেচনৰ জন্ম হয়। অসমত ভলীবল আৰম্ভ হয় ১৯২০-২১ চনত গুৱাহাটীত। মিচনেৰীসকলৰ অসম আগমনে খেলবিধৰ অসমতো প্ৰৱেশ ঘটালে। আমেৰিকান মিছনেৰী চি জি ফিণ্ডাৰ তেতিয়া গুৱাহাটীৰ কেন্দ্ৰস্থল নৈৰ পাৰৰ লুই মেমোৰিয়েল হোষ্টেলৰ ফিল্ডতে ভলীবল আৰম্ভ হৈছিল। ইয়াৰ লগে লগে কটন কলেজ আৰু ল কলেজৰ ছাত্ৰাবাসতো এই খেল খেলিবলৈ লয়। আইন মহাবিদ্যালয়ৰ অধ্যক্ষ জ্ঞানদাৰিম বৰুৱাই এই খেলৰ পোষকতা কৰিছিল। মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগত এনেদৰেই ভলীবলে প্ৰসাৰতা লাভ কৰে। ১৯২৪ চনত এখন ভলীবল প্ৰতিযোগিতা গুৱাহাটীত অনুষ্ঠিত হৈছিল। ফাইনেল খেলখন আইন মহাবিদ্যালয় আৰু স্থানীয় চেৰিটেবল ক্লাব। এই প্ৰতিযোগিতাৰ লগে লগে অসমত বহুকেইটা ভলীবল ক্লাবৰ জন্মৰ হয়- ইষ্ট ইউনিয়ন ক্লাব, ইউনিয়ন ক্লাব, ফ্রেণ্ডছ ইউনিয়ন ক্লাব আৰু ব্ৰহ্মপুত্ৰ ভলীবল ক্লাব। অসমৰ প্ৰথম স্বীকৃত ভলীবল প্ৰতিযোগিতা লতিকা দেৱী সোঁৱৰণী ভলীবল প্ৰতিযোগিতা। যিখন গুৱাহাটীত অনুষ্ঠিত হৈছিল আৰু উপৰিউক্ত দলসমূহে প্ৰতিযোগিতাত অংশ লৈছিল। এইদৰেই ভলীবল খেলবিধ অসমৰ আন আন ঠাইতো ক্ৰমাৎ জনপ্ৰিয় হৈ পৰিল। ১৯৪০ চনত যোৰহাটত অনুষ্ঠিত হোৱা অসম অলিম্পিক নামৰ ৰাজ্যিক প্ৰতিযোগিতাখনত ভলীবলৰ অন্তৰ্ভুক্তি হয় আৰু সেই প্ৰতিযোগিতাত মণিপুৰৰ মহাৰজা দল আৰু গুৱাহাটী ভলীবল ক্লাবৰ মাজত ফাইনেল অনুষ্ঠিত হয়। এই ফাইনেলত গুৱাহাটী দলটো ৩-২ ব্যৱধানত বিজয়ী হয়। ব্ৰহ্মপুত্ৰ দলত আছিল লীলা দত্ত, নৃপেন্দ্ৰ নাৰায়ণ ভট্ট, শৰৎ শৰ্মা, দুর্গা সিং, ঈশ্বৰ দাস, ধনী বৰা আৰু যোগেশ শৰ্মা। ১৯৪২ চনত যোৰহাট অসম অলিম্পিক দলে লাহোৰত অনুষ্ঠিত ভাৰতীয় অলিম্পিকত(ভলীবল) যোগদান কৰে আৰু ছেমিফাইনেল পৰ্য্যায়লৈ উন্নীত হয়। অসমক প্ৰতিনিধিত্ব কৰি প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্য্যায়ত খেলা দলটোত আছিল নৃপেন্দ্ৰ নাৰায়ণ ভট্ট(অধিনায়ক), দুৰ্গা সিং, অতুল দত্ত, ধনী বৰা, শৰৎ শৰ্মা, ঈশ্বৰ ভূঞা, লিখনেশ্বৰ বৰুৱা, লীলা দত্ত, দামোদৰ মহন্ত আৰু যোগেশ শৰ্মা। দলটোত মণিপুৰৰ মাধুৰ্য্য সিং(অসম অলিম্পিক সন্থাৰ প্রাক্তন সম্পাদক),লোহিত দাস আৰু ভূপেন মজুমদাৰো গৈছিল। এনেদৰেই অসম ভলীবল সময়ৰ লগত খোজ মিলাই এখোজ দুখোজকৈ আগবাঢ়ি আহে যদিও খেলবিধক সংগঠিত ৰূপত চৰ্চা কৰাৰ দিশত তেতিয়ালৈকে কোনো ধৰণৰ কেন্দ্ৰীয় সংস্থা নাছিল। ফলত জনদিয়েক ভলীবল প্ৰেমীৰ প্ৰচেষ্টাত অসম ভলীবল সন্থা গঠনৰ প্রথমটো খোজ হিচাবে এখন আহ্বায়ক সমিতি গঠনৰ যো জা চলিল। ১৯৫৪ চনত গোপাল বৰুৱা আৰু নগেন্দ্ৰ নাথ বৰ্মনক আহ্বায়ক হিচাপে লৈ ২৫ জনীয়া এখন এডহক কমিটি গঠন কৰা হয়। এই কমিটিৰ উদ্যোগত ১৯৫৫ চনত আনুষ্ঠানিকভাৱে গঠিত হয় ভলীবল সন্থাৰ। সন্থাৰ প্ৰথম সভাপতি কৃষ্ণ দত্ত হাজৰিকা, সম্পাদক গোপাল বৰুৱা আৰু আদিল খান জামান।


বৰ্তমান এই সন্থা ভাৰতীয় ভলীবল ফেডাৰেচনৰ অন্তৰ্ভুক্ত। ১০৭০-৭১ চনত অসম ভলীবল সন্থাই পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ১৯ সংখ্যক ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰে আৰু ১৯৮৯ চনত দ্বিতীয়বাৰৰ বাবে পুৰুষ আৰু মহিলাৰ ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাও অনুষ্ঠিত কৰে।

১৯৫৮ চনতে আৰম্ভ কৰা হ’ল আন্তঃজিলা প্ৰতিযোগিতাসমূহৰো। প্ৰথম নগাঁৱত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। অসম ভলীবল সন্থাৰ পৰিচালনাত বৰ্তমান ছয়খন আন্তঃজিলা ভলীবল চেম্পিয়নশ্বিপ প্ৰতি বছৰে অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাসমূহৰ জৰিয়তে ১৯৬৬ চনৰ পৰা অসমে ৰাষ্ট্ৰীয় প্ৰতিযোগিতা ছিনিয়ৰ, জুনিয়ৰ আৰু ছাব জুনিয়ৰ শাখাসমূহ নিয়মিতভাৱে প্ৰতিদ্বন্দিতা কৰি আহিছে।

অসম ভলীবল সংস্থা ৰেফাৰী বোৰ্ড গঠিত হয় ১৯৫৫ চনত। ব’ৰ্ডৰ সভাপতি আছিল ধনজিৎ তালুকদাৰ আৰু সম্পাদক আছিল নগেন্দ্ৰনাথ বৰ্মন। ব’ৰ্ডে তেতিয়াৰ পৰাই ৰাজ্যিক পৰ্যায়ৰ ৰেফাৰী পৰীক্ষা আৰু চেমিনাৰ আদি অনুষ্ঠিত কৰাত আগভাগ লৈ আহিছে। বিভিন্নজনে অসমৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়তো ৰেফাৰী হিচাবে দায়িত্ব পালন কৰিছে। ৰেফাৰী চিত্তৰঞ্জন দাস, নগেন্দ্ৰনাথ বৰ্মন, ধনজিৎ তালুকদাৰ, সুব্ৰত কুমাৰ কাননগো, হাছান ৰিজভা, লাবণ্য কুমাৰ ৰায় চৌধুৰী, দুৰ্লভ শৰ্মা, গংগাচৰণ ভট্টাচাৰ্য আৰু অনন্ত তালুকদাৰ আদিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত সু খ্যাতিৰে সেৱা আগবঢ়াই আহিছে।

সাংগঠনিক দিশত অসম ভলীবল সন্থাই বিশেষ ৰূপ লাভ কৰিছে যদিও অসম ভলীবলে ৰাষ্ট্ৰীয় পৰ্যায়ত কিমানখিনি আগবাঢ়ি আহিবলৈ সক্ষম হ’ল সেয়া এক বিচাৰ্যৰ বিষয়। অভিজিৎ ভট্টাচাৰ্যৰ ৰূপত ৰাষ্ট্রীয় পৰ্যায়ত এজন ভলীবল খেলুৱৈ লাভ কৰিলে যদিও তাৰ পিছত দ্বিতীয় এজন অভিজিৎ ভট্টাচাৰ্যৰ সৃষ্টি আজিলৈকে ন’হল। এই ক্ষেত্ৰত নতুন ধৰণে চিন্তা চৰ্চা কৰাৰ থল নিশ্চয়কৈ আছে। অসমৰ ভলীবল আজি ৰাষ্ট্ৰীয় মানৰ তুলনাত বহু পিছ পৰি আছে। অসমৰ দৰে জলবায়ুৰ এখন ৰাজ্যত এই খেল বাৰটা মাহতে খেলিব পৰা নাযায়।কিন্তু ভলীবলৰ বাবে প্ৰয়োজনীয় ইনড’ৰ ষ্টেডিয়াম পৰ্যাপ্ত পৰিমানে থাকিলে জলবায়ু এটা সমস্যা হ’ব নোৱাৰে। কিন্তু অসমত তাৰেই অভাৱ। আজিলৈ পৰ্যাপ্ত পৰিমাণৰ ইনড’ৰ ষ্টেডিয়াম গঢ়ি নুঠিলগৈ। তদুপৰি ভলীবলৰ দৰে খেল এবিধৰ স্পনছৰশ্বিপৰ অভাৱৰ কথাও উনুকিয়াব পাৰি। চাকৰিৰ ক্ষেত্ৰতো আন খেলৰ দৰে ভলীবল খেলুৱৈয়ে বিশেষ অগ্ৰাধিকাৰ লাভ নকৰে বাবে নতুন চাম খেলবিধৰ প্ৰতি আগ্ৰহী নহয়। অন্যান্য খেলৰ দৰে ভলীবলৰ যোগেদিও অসমে ৰাষ্ট্ৰীয় মৰ্যাদা পাবলৈ হ’লে সু-সংহত বিজ্ঞানভিত্তিক ভলীবল খেলুৱৈ প্ৰশিক্ষণৰ আঁচনি ল’ব লাগিব। গাঁৱে ভূঞে সিঁচৰতি হৈ থকা নিপুণ খেলুৱৈসকলক বিচাৰি উলিয়াই আনিব পাৰিব লাগিব। ঠায়ে ঠায়ে পূৰ্ণাংগ ইনড’ৰ ষ্টেডিয়াম নিৰ্মাণৰ আঁচনি প্ৰস্তুত কৰিব লাগিব। তাকে কৰিবলৈ চৰকাৰ, ক্ৰীড়া সন্থা,উদ্যোগ সমূহ আগবাঢ়ি আহিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *