দিল্লীৰ দেৱালত জিলিকিছে পেৰালিম্পিয়ানৰ প্ৰতিচ্ছবি।

অলিম্পিয়া প্ৰতিবেদন

দিল্লীৰ দেৱালত জিলিকিছে পেৰালিম্পিয়ানৰ প্ৰতিচ্ছবি।শিল্পীৰ সুনিপুণ তুলিকাত প্ৰাণ পাই উঠিছে দিল্লীৰ দেৱাল।পেৰালিম্পিয়ান সকলৰ গ্ৰাফিটী অংকণেৰে সন্মান প্ৰদৰ্শন শিল্পীৰ। ৫ ছেপ্তেম্বৰত সমাপ্ত হ’ল টকিঅ’ পেৰালিম্পিক। ১৯ টাকৈ পদক লাভেৰে পেৰালিম্পিয়ানসকলে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ। দেশৰ মাটিত ভৰি দিয়াৰ পাছতেই এইসকল পেৰা খেলুৱৈক দেশবাসীয়ে জনাইছে শুভেচ্ছা।

বিগত সময়ত দেশৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্রী অনুৰাগ ঠাকুৰেও এই সকল ক্ৰীড়াযোদ্ধাক জনাইছিল সম্ভাষণ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও পেৰালিম্পিয়ান সকলৰ সৈতে মিলিত হৈছিল বাৰ্তালাপত।এক কঠিন জীৱন সংগ্ৰামক নেওঁচি দেশমাতৃৰ বাবে পদক উপহাৰ দিয়া এইসকল ৰিয়েল হিৰো’ক প্ৰধানমন্ত্ৰীয়ে জনাইছিল উষ্ম আদৰণি।শেহতীয়াকৈ দিল্লীৰ ৰাজপথৰ দেৱালত দেখা পোৱা গৈছে এই দৃষ্টিনন্দন পৰিবেশ। এই দৃশ্য নতুন দিল্লীৰ তিমাৰপুৰ পুলিচ ষ্টেচনৰ সমীপৰ। ২০২০ ৰ টকিঅ’ পেৰালিম্পিকত পদকপ্ৰাপ্ত পেৰা খেলুৱৈসকলক সন্মান প্ৰদৰ্শনেৰে ৱাছিম ছাৰ্ভাৰ নামৰ চিত্ৰশিল্পী গৰাকীৰ এই বিশেষ গ্ৰাফিটী। দেৱালত প্ৰাণ পাই উঠিছে স্বৰ্ণজয়ী অৱনী লেখাৰা, প্ৰমোদ ভগত, সুমিত আন্টিলৰ লগতে টকিঅ পেৰালিম্পিকত পদকপ্ৰাপ্ত সকলো পেৰালিম্পিয়ানৰ প্ৰতিচ্ছবি ।


আপুনি যদি নতুন দিল্লীৰ তিমাৰপুৰ পুলিচ ষ্টেচনৰ দিশে গৈছে তেনে সততে চকুত পৰিব এই ভাল লগা চিত্রসমূহ। এইসকল পেৰালিম্পয়ান এতিয়া ভাৰতবাসীৰ নয়নৰ মণি আৰু বহুজনৰ বাবে আৰ্দশ। দেশৰ ক্ৰীড়াপ্ৰেমী ৰাইজে বিভিন্ন ধৰণেৰে এইসকল ক্ৰীড়াযোদ্ধাক জনাইছে শ্ৰদ্ধা ও সন্মান। চিত্ৰশিল্পীগৰাকীৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাক সকলোৱে কৰিছে প্ৰশংসা।

Leave a Reply

Your email address will not be published. Required fields are marked *