গ্ৰেপ্তাৰ হ’ব পাৰে বিৰাট কোহলি!উত্থাপিত হৈছে গুৰুতৰ অভিযোগ

অলিম্পিয়া বাৰ্তা

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি শীঘ্ৰেই হ’ব পাৰে গ্ৰেপ্তাৰ। অনলাইন জুৱা ছাইটৰ বিজ্ঞাপনত অংশ লোৱাৰ আভিযোগ উত্থাপন হৈছে বিৰাট কোহলিৰ বিপক্ষে।

এই অভিযোগ উত্থাপন কৰিছে চেন্নাইৰ এগৰাকী অধিবক্তাই। অধিবক্তাগৰাকীয়ে ক্ৰিকেটাৰগৰাকীৰ গ্ৰেপ্তাৰৰ দাবী তুলি মাদ্ৰাজ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে।

কেৱল বিৰাট কোহলিয়েই নহয়, বলিউডৰ এগৰাকী মোহময়ী অভিনেত্ৰী তামান্না ভাটীয়াৰ বিৰুদ্ধেও একে অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে ইণ্টাৰনেটত আজিকালি বহু জুৱাৰ ৱেবছাইট উপলব্ধ। বহুতে এই ৱেবছাইটত গৈ জুৱাত অংশগ্ৰহণ কৰি সৰ্বশ্ৰান্ত হোৱাৰ উদাহৰণো নতুন নহয়। তেনে এক জুৱা প্ৰতিষ্ঠানৰে বিজ্ঞাপনত ভাগ লৈছিল কোহলি আৰু তামান্না ভাটীয়াই। বিজ্ঞাপনটোত কোহলি আৰু তামান্নাই একেলগে ভাগ লৈছিল।

বিজ্ঞাপনত অংশ লোৱালৈ সমস্যাৰ সৃষ্টি হোৱা নাছিল। সমস্যা সৃষ্টি হ’ল তেতিয়া, যেতিয়া চেন্নাইৰ এগৰাকী যুৱকে এই জুৱাত ভাগ লৈ সৰ্বশ্ৰান্ত হয় আৰু ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ দৰে পন্থা হাতত লয়।

এনেধৰণৰ অনলাইন জুৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিয়েই উক্ত আবেদন দাখিল কৰিছে অধিবক্তাগৰাকীয়ে। আবেদনত উল্লেখ আছে কিদৰে উচ্চ হাৰত সুতত টকা ঋণ লৈ জুৱা খেলি ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাচি লৈছে এচামে।

তামিলনাডুত বৰ্তমান আত্মহত্যাৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ কথাও আবেদনত উল্লেখ কৰা হৈছে।

আনহাতে, অনলাইন জুৱাৰ বিজ্ঞাপনত অংশ গ্ৰহণ কৰি যুৱ সম্প্ৰদায়ক ধ্বংসৰ পথলৈ লৈ যোৱাত ক্ৰিকেট তাৰকা কোহলি আৰু অভিনেত্ৰী তামান্নাই উৎসাহিত কৰা বুলিও আবেদনত অভিযোগ অনা হৈছে।

উল্লেখ্য যে মঙ্গলবাৰে উচ্চ ন্যায়ালয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব।



Leave a Reply

Your email address will not be published. Required fields are marked *