অলিম্পিয়া প্ৰতিবেদন
ষ্টেট ক্ৰিকেট একাডেমীৰ উদ্যোগত তথা অসম ক্ৰিকেট সন্থাৰ সৌজন্যত লেভেল এ ফিজিকেল ট্ৰেইনাৰৰ কৰ্মশালৰ সোমবাৰে সফল সামৰণি পৰে। ৩ জানুৱাৰীৰ পৰা বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কৰ্মশালাখনত ৰাজ্যৰ ১৬ গৰাকীকৈ ট্ৰেইনাৰে অংশগ্ৰহণ কৰে।
সোমবাৰে অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, সম্পাদক দেৱজিৎ শইকীয়া আদিকে প্রমুখ্য কৰি সন্থাৰ অন্যান্য বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।
উক্ত অনুষ্ঠানত সম্পাদক দেৱজিৎ শইকীয়াই ভাষণ প্ৰসংগত বৰ্তমান সময়ত এজন খেলুৱৈৰ বাবে শাৰীৰিক সক্ষমতাৰ প্রয়োজনীয়তাৰ কথা অৱগত কৰে। ইফালে, ষ্টেট ক্ৰিকেট একাডেমীৰ সঞ্চালক গণেশ দত্ত সুঘে কৰ্মশালখনৰ সফল ৰূপায়ণত সন্তুষ্টি প্ৰকাশ কৰে। কৰ্মশালাখনৰ অংশগ্ৰহণকাৰীসকলে অনুষ্ঠানটোৰ বাবে অসম ক্ৰিকেট সন্থাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
উল্লেখযোগ্য যে, কৰ্মশালাখনত সকলোধৰণৰ ক’ভিড প্ৰট’কল মানি চলা হৈছিল বুলি এক প্ৰেছ বিবৃতিত উল্লেখ কৰে অসম ক্ৰিকেট সন্থাই।