অৱশেষত সপোন পূৰণ হল মিনুৰঃ শিল ভঙা পিতৃৰ কন্যাই প্ৰতিনিধিত্ব কৰিব দেশক

অৱশেষত মিনুৰ সপোন পূৰণ হ’ল। প্ৰকাণ্ড হাতোৰাৰ কোবত পাথৰ ভাঙি ঘৰ চলোৱা মান সিঙৰ একমাত্ৰ জীয়ৰী মিনু যাব আমেৰিকালৈ। আমেৰিকাত তাই অংশগ্ৰহণ কৰিব বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত। কোৱা হয় প্ৰতিভা বিকাশৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে। ধৈৰ্য, একাগ্ৰতা, কষ্ট আৰু কিবা এটা কৰাৰ হেঁপাহ থাকিলে দৰিদ্ৰতা যে কেতিয়াও হেঙাৰ হৈ থিয় দিব নোৱাৰে তাৰ প্ৰমাণ পুনৰ বাৰ দাঙি ধৰিলে মিনুৱে।

মিনু চৰেনে নিজৰ শিলাময় গাঁৱত খালী ভৰিৰেই দৌৰি-ঢাপলি, জেভলিন থ্ৰ’ৰ অনুশীলন কৰি এতিয়া বিশ্ব ক্ৰীড়া ক্ষেত্ৰত এক ইতিহাস ৰচনা কৰিবলৈ আগবাঢ়িছে। ২০২২ চনৰ ২৪ জুলাইত আমেৰিকাত অনুষ্ঠিত হ’বলগীয়া বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিব। ইয়াৰ পূৰ্বে মিনুৱে ২০০৭ চনৰ ডিচেম্বৰত হাৰিয়ানাৰ ৰোহটকত অনুষ্ঠিত হোৱা ৬৩ তম নেচনেল স্কুল গেমছ এথলেটিকছত ছোৱালীৰ অনূৰ্ধ্ব ১৯ বছৰ শাখাত প্ৰথম স্থান লাভ কৰিছিল। প্ৰতিযোগিতাখনত মিনুৱে ৪৪.৫১ মিটাৰ থ্ৰ’ কৰিবলৈ সক্ষম হৈছিল।

বিহাৰৰ একমাত্ৰ ছোৱালী একলব্য আৱাসিক ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰত মিনু চৰেনে যোৱা আঠ বছৰ ধৰি প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। প্ৰশিক্ষক ৰাজীৱ লোচনৰ পৰা আয়ত্ত কৰা টেকনিক আৰু নিজৰ একাগ্ৰতাৰ বলত মিনুৱে নিজৰ থ্ৰ’ৰ ক্ষমতা ৩৭ মিটাৰৰ পৰা ৪৭ মিটাৰলৈ বঢ়াবলৈ সক্ষম হৈছে। মিনুৰ এতিয়া মূল লক্ষ্য জেভলিন থ্ৰ’ত থকা আন্তঃৰাষ্ট্ৰীয় ৰেকৰ্ড ৬২ মিটাৰ অতিক্ৰম কৰা।

এসময়ত শিল ভাঙি পৰিয়াল চলোৱা মিনুৰ পিতা মান সি‌ং চৰেনৰ যোৱা বছৰ মৃত্যু হৈছে। পিতৃৰ অবৰ্তমানত মিনুৰ মাতৃ হীৰামণি হাছদাই দুই বিঘা মাটিত খেতি কৰি দুই পুত্ৰ আৰু মিনুৰ প্ৰতিপালন কৰি আহিছে। যাৰ বাবে নিজৰ ক্ৰীড়া অনুশীলনৰ ক্ষেত্ৰত মিনুৱে বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে। অৱশ্যে তথাপিও হাৰ মনা নাই তাই।

‘ক্ৰীড়া বিভাগে সস্তীয়া আৰু এলুমিনীয়ামৰ জেভলিন অভ্যাসৰ বাবে দিছে। অলিম্পিক আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতাত পদক জয় কৰিবলৈ কাৰ্বন আৰু ধাতুৰ জেভলিন প্ৰয়োজন হয়। যাৰ মূল্য ৬৫ হাজাৰৰ পৰা দুই লাখ টকা পৰ্যন্ত।’ এই মন্তব্য মিনু চৰেনৰ। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিবলৈ আগবঢ়া মিনুৰ আজিৰ সময়ত পৰিধান কৰিবলৈ এজোৰ ভাল জোতাও নাই।

ইতিমধ্যে ৰাষ্ট্ৰীয় স্তৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে মিনু চৰনে বিহাৰৰ ৰাজ্যিক ক্ৰীড়া পুৰস্কাৰ পাঁচ বাৰকৈ লাভ কৰিছে। ২০১৮ চনৰ ২৬ জানুৱাৰীত ৰাজ্যপালে মিনুক ৰাজভৱনত বিশিষ্ট শ্ৰেণীৰ ক্ৰীড়া সন্মানেৰে সন্মানিত কৰিছিল। ইয়াৰ উপৰিও মিনুৱে ২০২০ চনত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ’বলগীযা প্ৰশিক্ষণ শিবিৰলৈ মনোনীত হৈছিল। অৱশ্যে কৰ’নাৰ বাবেই সেই সুযোগ লাভৰ পৰা বঞ্চিত হ’ল মিনু।

এইগৰাকী উদিয়মান জেভলিন থ্ৰ’ৱাৰে বৰ্তমানলৈকে ৰাষ্ট্ৰীয় স্তৰত বহু কেইটা সফলতা লাভ কৰিছে। তাৰ ভিতৰত, ২০১৪ চনৰ ৫৯ স্কুল গেমছৰ ছোৱালীৰ অনূৰ্ধ্ব ১৭ বছৰৰ এথলেটিকছ শাখাত দ্বিতীয় স্থান, ২০১৪ চনৰ এপ্ৰিল মাহত হৰিদ্ধাৰত অনুষ্ঠিত দ্বাদশ ৰাষ্ট্ৰীয় আন্তঃজিলা জুনিয়ৰ এথলেটিকছ মীটত দ্বিতীয় স্থান, ২০১৫ চনৰ জানুৱাৰীত ৬০ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়াত প্ৰথম স্থান, ২০১৬ চনৰ ৬১ সংখ্যক ৰাষ্ট্রীয় স্কুল ক্ৰীড়াত দ্বিতীয় স্থান, ২০১৭ চনৰ ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়াত প্ৰথম স্থান, ৬৩সংখ্যক স্কুল ক্ৰীড়াত প্ৰথম স্থান, ২০১৮ চনত ঝাৰখণ্ডত অনুষ্ঠিত য়ুথ জুনিয়ৰ নেচনেলত ৰূপৰ পদক আৰু একেটা বছৰতে অনুষ্ঠিত ইষ্ট জ’ন প্ৰতিযোগিতাত স্বৰ্ণ পদক।

Leave a Reply

Your email address will not be published. Required fields are marked *