গোৱালপাৰাৰ শিমলাবাৰীত প্ৰাইজমানি হা-ডু-ডু প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

হা-ডু-ডু খেল। ৰাজ্যৰ গ্ৰামাঞ্চলত প্ৰচলিত পৰম্পৰাগত এই খেল হা-ডু-ডু।ঐক্য-সংহতি আৰু সমন্বয়ৰ বাৰ্তাৰে ৰাজ্যৰ ঠায়ে ঠায়ে অনুষ্ঠিত হয় এই বিশেষ খেলবিধ। আধুনিক কাবাডীৰ দৰে খেলবিধ গোৱালপাৰা জিলাত হা-ডু-ডু হিচাপে পৰিচিত। হা-ডু-ডু খেলবিধৰ পুৰণি পৰম্পৰা ৰক্ষা কৰি শিমলাবাৰীৰ উদীয়মান যুৱক সংঘৰ বিশেষ পদক্ষেপ।

চলিত অক্টোবৰ মাহৰ ১৪ তাৰিখৰ পৰা গোৱালপাৰা জিলাৰ শিমলাবাৰীত অনুষ্ঠিত হৈছে প্ৰাইজমানি হা-ডু-ডু প্ৰতিযোগিতা। এই পৰম্পৰাগত খেল প্ৰত্যক্ষ কৰিবলৈ শিমলাবাৰীত দেখা পোৱা গ’ল দৰ্শকৰ ব্যাপক ভীৰ। উল্লেখযোগ্য যে, এই প্ৰাইজমানি হা-ডু-ডু খেলত অংশগ্ৰহণ কৰে বিভিন্ন অঞ্চলৰ ১৬ টাকৈ দলে।মংগলবাৰৰ খেলখন অনুষ্ঠিত হয় পুখুৰীপাৰা ভেকচিন দল আৰু ঘোপেৰ গাঁওৰ মাজত।


খেল পৰিচালনা সমিতিৰ সম্পাদক আতোৱাৰ ৰহমানে জনোৱা মতে বৃহত্তৰ অঞ্চলটোৰ সামাজিক পৰিৱেশ উন্নত আৰু সমন্বয় সৃষ্টি কৰিবলৈ ক্ৰীড়াৰ জৰিয়তে এই পৰম্পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰা হৈছে ।ইচ্চুক হা-ডু-ডু খেলুৱৈক প্ৰতিযোগিতাখনত অংশ লবলৈ আহ্বান জনালে আয়োজক সমিতিয়ে।


শিমলাবাৰী উদীয়মান যুৱক সংঘৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে গোৱালপাৰাবাসীয়ে।ক্ৰীড়াপ্ৰেমী ৰাইজে আশা কৰিছে পৰম্পৰাগত হা-ডু-ডু খেলৰ জৰিয়তে অঞ্চলবাসীৰ মাজত ভাতৃত্ববোধ অক্ষুণ্ণ থাকক। হা-ডু-ডু খেলৰ জনপ্ৰিয়তা তথা প্ৰসাৰতা ৰাজ্যৰ চকু-কুণে বিয়পি পৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *