আজি ৫৬ত ভৰি দিলে ফিল্ড আৰু ট্ৰেকৰ ৰাণীয়ে; সংঘাতৰ মাজেৰেই সফলতাৰ বাট কাটিছিল যি

অলিম্পিয়া বিশেষ লেখা

ছোৱালীজনী সৰুতে অসুখীয়া আছিল। পঢ়া শুনাত অৱশ্যে ভাল আছিল। পিতৃ পেইথেল আৰু মাতৃ লক্ষ্মীয়ে সেয়ে থিৰাং কৰি লৈছিল যে ডাঙৰ হৈ ছোৱালীজনী শিক্ষয়ত্ৰী হ’ব। তেওঁলোকৰ দৰিদ্ৰ জীৱনলৈ কিছু পৰিৱৰ্তন কঢ়িয়াই আনিব। কিন্তু কথাবোৰ তেওঁলোকে ভবাৰ দৰে নহল। এদিন বিদ্যালয়ৰ বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি প্ৰশিক্ষক অ’ এম নেম্বিয়াৰে ছোৱালীজনীৰ ক্ৰীড়া প্ৰতিভাৰ সৈতে চিনাকি হোৱাৰ সুবিধা পালে। প্ৰশিক্ষক নেম্বিয়াৰৰ উৎসাহতে খেলৰ পথাৰত নামি পৰিল ছোৱালীজনী। আৰু সময়ত ‘কুইন অৱ ফিল্ড এণ্ড ট্ৰেক’ , স্বৰ্ণ কন্যা, পায়লি এক্সপ্ৰেছ আদি নামেৰে বিভূষিত হৈ পৰিল তেওঁ। ফিল্ড আৰু ট্ৰেকৰ ৰাণী সেই পি টি উষাৰে আজি ওপজা দিন।

১৯৬৪ চনৰ আজিৰ দিনটোতে কেৰেলাৰ ক’থালি নামৰ ঠাইত পি টি উষাই জন্ম লাভ কৰিছিল। এক দৰিদ্ৰ পৰিয়ালৰ জন্ম গ্ৰহণ কৰা পি টি উষাই জীৱনত বহু ঘাট প্ৰতিঘাটৰ মাজেৰে আহি আজিৰ অৱস্থাত উপনীত হৈছেহি। ৭০ ৰ পৰা ৯০ দশকৰ সময়ছোৱাত ভাৰতীয় এথলেটিকছৰ ক্ষেত্ৰখনত ধুমুহা নমাই অনা পি টি উষাই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুকেইবাৰ উজলি উঠিবলৈ সক্ষম হৈছিল। ১৯৮৪ ৰ লছ এঞ্জেলছ অলিম্পিকৰ কথা কোনে পাহৰিব পাৰে। য’ত উষাই ৪০০ মিটাৰ দৌৰত ১ চেকেণ্ডতকৈয়ো কম সময়ৰ ব্যৱধানৰ বাবে পদক লাভৰ পৰা বঞ্চিত হৈছিল। ১৯৮৫ ৰ জাকাৰ্টাৰ এছিয়ান চেম্পিয়নশ্বিপত পাঁচটা স্বৰ্ণ আৰু এটা ব্ৰঞ্জকে ধৰি মুঠ ছটাকৈ পদক লাভ কৰাৰ সেই মুহূৰ্তও প্ৰতিগৰাকী ভাৰতীয়ৰ মনত আজিও সজীৱ। ইয়াৰ জৰিয়তেই এখন টুৰ্ণামেণ্টত সৰ্বোচ্চ পদক জয়ৰ অভিলেখো প্ৰতিষ্ঠা হৈছিল তেওঁৰ নামতে। সফলতাৰ ধাৰা অব্যাহত ৰাখি ১৯৮৬ তো তেওঁ ছিউলত অনুষ্ঠিত এছিয়া গেমছত ২০০ মি, ৪০০ মি ব্যক্তিগত শাখা আৰু ১×৪০০ ৰিলেকে ধৰি তিনিটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

আজি তাৰকা এথলিটগৰাকীৰ জন্মদিনৰ দিনা তেওঁৰ জীৱনৰ বিশেষ কেইটামান দিশৰ বিষয়ে জানো আহক-

১) সৰুতে উষা ৰুগীয়া আছিল। পঢ়া শুনাত অৱশ্যে বৰ কেঁচা নাছিল। পিতৃ মাতৃৰ এথলেটিকছৰ বিষয়ে কোনো স্পষ্ট ধাৰণা নাছিল। খেলা-ধূলা কৰি হাত-ভৰি পংগু হোৱাৰ ভয়ত পিতৃয়ে সেয়ে পি টি উষাক খেলিবলৈ অনুমতি দিয়া নাছিল প্ৰথমে।

২) ১৯৮৩ চনত পিটিয়ে অ’ এম নেম্বিয়াৰক তেওঁৰ ব্যক্তিগত প্ৰশিক্ষক হিচাবে নিযুক্তি দিবলৈ চৰকাৰৰ ওচৰত আৱেদন জনাইছিল। সেই আৱেদন গ্ৰহণ কৰি নেম্বিয়াৰক পি টি উষাৰ প্ৰশিক্ষক নিযুক্তি দিছিল। পি টি উষা ব্যক্তিগত প্ৰশিক্ষক লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী এথলিট।

৩)১৯৮৫ ৰ জাকাৰ্টাৰ অনুষ্ঠিত এছিয়ান মিটত পি টি উষাৰ প্ৰতিদ্বন্দী লিডিয়া ডে ভেগা আৰু তেওঁৰ পিতৃয়ে বাৰে বাৰে পি টি উষাৰ প্ৰদৰ্শনৰ ওপৰত প্ৰশ্ন তুলিছিল। তেওঁলোকে পি টিৰ প্ৰতিটো বিজয়ল সন্দেহৰ চকুৰে চাইছিল। তথাপি পি টি নিৰুৎসাহিত নহৈ প্ৰতিবাৰ ৰেচৰ শেষত ড’পিং টেষ্টত অৱতীৰ্ণ হৈছিল আৰু সেইখন প্ৰতিযোগিতাত পাঁচোটাকৈ স্বৰ্ণ আৰু এটা ব্ৰঞ্জৰ দখলেৰে মুঠ ছটাকৈ পদক দখল কৰিবলৈ সক্ষম হৈছিল।

৪) তেওঁ অৰ্জুন বঁটা (১৯৮৩) আৰু পদ্মশ্ৰী (১৯৮৫) বঁটা লাভৰ লগতে ইণ্ডিয়ান অলিম্পিক এছ’চিয়েচনৰ পৰা লাভ কৰিছিল এথলিট অৱ দ্য চেঞ্চুৰি আৰু এথলিট অৱ দ্য মিলেনিয়ামৰ সন্মানো।



Leave a Reply

Your email address will not be published. Required fields are marked *