বিতৰ্কৰ মাজত কুইণ্টন ডিকক

✍️ নৱনীতা বড়ো

বিতৰ্কৰ মাজত সোমাই পৰিছে দক্ষিণ আফ্ৰিকা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা উইকেটৰক্ষক কুইন্টন ডিকক। চলিত টি-টুৱেন্টি বিশ্বকাপৰ ৱেষ্ট ইণ্ডিজৰ বিৰদ্ধে অনুষ্ঠিত মেচখনত অংশ নোলোৱাৰ সিদ্ধান্ত লোৱাৰ পিছতেই বিতৰ্কৰ মাজত সোমাই পৰিছে ডিককৰ নাম। ক্ৰিকেটাৰগৰাকীয়ে ব্লেক লাইফ মেটাৰ্ছ শীৰ্ষক আঁঠু লোৱা প্ৰতিবাদত অংশ লোৱাৰ পৰা বিৰত থকাৰ উদ্দেশ্যেই মেচখনত অংশ নোলোৱা বুলি অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে, যোৱা বছৰ আমেৰিকাত কৃষ্ণ বৰ্ণৰ লোক এজন পুলিচ বিষয়াৰ হাতত মৃত্যু বৰণ কৰাৰ লগে লগে গোটেই বিশ্বজুৰি “ব্লেক লাইফ মেটাৰ্ছ” শীৰ্ষক এক আন্দোলনৰ সূচনা হয়। উক্ত প্ৰতিবাদৰ সমৰ্থনত এইবাৰ টি-টুৱেন্টি বিশ্বকাপত খেলুৱৈসকলক কেই ছেকেণ্ডমানৰ কাৰণে আঠু লোৱাটো আই চি চিয়ে বাধ্যতামূলক কৰে।

অৱশ্যে, ৱেষ্টইণ্ডিজৰ বিৰদ্ধে ডিককে ব্যক্তিগত কাৰণৰ বাবেহে অংশ লোৱাৰ পৰা বিৰত থকা বুলি উল্লেখ কৰিছে। মেচৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক তেংবা বাভুমায়ো একেটা কথাই কৈছে। তেওঁ ডিককৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগো খণ্ডন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *