ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ বাবে আৱেদন ৰাহুল দ্ৰাবিড়ৰ

✍️ নৱনীতা বড়ো

বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ ঠাইত পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হোৱাৰ পূৰ্ণ সম্ভাৱনা ‘দ্য ৱাল’ খ্যাত ৰাহুল দ্ৰাবিড়ৰ।
ইয়াৰ বাবে ৰাহুল দ্ৰাবিড়ে আবেদন পত্ৰও পূৰণ কৰিছে। এক প্ৰতিবেদনত কোৱা হৈছে যে ৰাহুল দ্ৰাবিড়েই ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি সৌৰভ গাঙ্গুলী আৰু সচিব জয় শ্বাহৰ প্ৰথম পছন্দ। তেনেস্থলত ভাৰতীয় দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক হিচাবে দ্ৰাবিড়ে চলিত টি-টুৱেন্টি বিশ্ব কাপৰ পিছতেই আত্মপ্ৰকাশ কৰিব। ভাৰতে বিশ্বকাপৰ পিছতেই নিউজিলেণ্ডৰ বিপক্ষে টি-টুৱেন্টিৰ এক ঘৰুৱা শৃখলাত অৱতীৰ্ণ হ’ব।এই শৃংখলাতেই প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ নৱ নিযুক্ত অধিনায়ক তথা নতুন প্ৰশিক্ষকৰ একেলগে আত্মপ্ৰকাশ ঘটিব।

Leave a Reply

Your email address will not be published. Required fields are marked *