আইপিএল ২০২০: উজলিছে চাৰি ৰাহুল!

অলিম্পিয়া প্ৰতিবেদন

২০২০ ৰ আই পি এল যেন ৰাহুলময় হৈ পৰিছে। আই পি এলৰ ত্ৰয়োদশ সংস্কৰণত জিলিকি উঠিছে বহুকেইজন ৰাহুল। কিংছ ইলেভেন পঞ্জাৱৰ কে এল ৰাহুলৰ পৰা ৰাজস্থানৰ ৰাহুল টিৱাতিয়ালৈ ৰাহুল নামৰ এখন দীঘলীয়া তালিকা। চাওঁ আহকচোন কোনকেইগৰাকী ৰাহুল জিলিকি উঠিছে আই পি এল ২০২০ত।

কিংছ ইলেভেন পঞ্জাৱৰ কে এল ৰাহুল: আন বহুকেইবাৰৰ দৰে আই পি এলৰ চলিত সংস্কৰণতো উজলি উঠিছে কে এল ৰাহুল। কিংছ ইলেভেন পঞ্জাৱৰ প্ৰথমটো খিতাপ দখলৰ যুঁজত মূল ভৰসা হৈ থিয় দিছে কে এল ৰাহুল। দলক সমুখৰ পৰা নেতৃত্ব প্ৰদান কৰা কে এল ৰাহুলে এই পৰ্যন্ত ৫ খন মেচত ৩০২ ৰান সংগ্ৰহ কৰিছে। পাঁচখন মেচত ইতিমধ্যে এটা শতকৰ লগতে দুটাকৈ অৰ্ধশতক অর্জন কৰিছে তেওঁ। প্ৰচুৰ প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীয়ে ২০১৮ আৰু ২০১৯ বৰ্ষতো সফলতা অর্জন কৰিবলৈ সক্ষম হৈছিল। চলিত চিজনত ৩০২ ৰানেৰে অ’ৰেঞ্জ কেপৰো দৌৰত আছে ক্ৰিকেটাৰজন।

২) কলকাতা নাইট ৰাইডাৰ্ছৰ ৰাহুল ত্ৰিপাঠী: এই পৰ্যন্ত কে কে আৰৰ হৈ দুখন মেচত ভাগ লৈ দুয়োখন মেচতে উজলি উঠিছে ৰাহুল ত্ৰিপাঠী। মহাৰাষ্ট্ৰৰ হৈ ঘৰুৱা ক্ৰিকেটত ভাগ লোৱা এইগৰাকী ক্ৰিকেটাৰ নিজৰ মাৰমুখী বেটিঙৰ বাবে জনাজাত। ২০১৭ চনত ৰাইজিং পুনে ছুপাৰজায়ান্তৰ হৈ আই পি এল খেলা ৰাহুলে ২০১৮ আৰু ২০১৯ ত ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলত ভাগ লৈছিল যদিও সফল হ’ব পৰা নাছিল। কালি চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৮১ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি নিজৰ প্ৰতিভাৰ উমান দিবলৈ সক্ষম হয় ৰাহুল ত্ৰিপাঠী।

) ৰাজস্থান ৰয়েলছৰ ৰাহুল টেৱাতিয়া: কিংছ ইলেভেন পঞ্জাৱৰ বিৰুদ্ধে নাটকীয়তাৰে ভৰা এটা ইনিংছ খেলি সংবাদ শিৰোনাম দখল কৰিছিল ৰাহুল টেৱাতিয়াই। হাৰিয়ানাৰ এইগৰাকী অলৰাউণ্ডাৰে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ভৰি দিছিল ২০১৩ চনত। তেওঁৰ আই পি এল কেৰিয়াৰ আৰম্ভ হৈছিল ২০১৪ চনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সৈতে। ২০১৭ চনত কিংছ ইলেভেন পঞ্জাৱে ক্ৰয় কৰিছিল টিৱাতিয়াক। এই বৰ্ষৰ আই পি এলত ৫ খন মেচত তেওঁ ১০৬ ৰান সংগ্ৰহ কৰাৰ লগতে ৪ টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হৈছে।

) মুম্বাই ইণ্ডিয়ানছৰ ৰাহুল চহৰ: মুম্বাই ইণ্ডিয়ানছৰ লেগ স্পীনাৰ ৰাহুল চহৰৰ প্ৰদৰ্শনো এইবাৰ লেখত ল’বলগীয়া। বলিঙৰ সমান্তৰালকৈ ফিল্ডিঙতো উজলি উঠিছে এইগৰাকী উদীয়মান খেলুৱৈ। কিংছ ইলেভেন পঞ্জাৱৰ বিৰুদ্ধে দুটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰি জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ৰাহুল চহৰ নিশাটোৰ ভিতৰতে ক্ৰিকেট সমালোচকৰ আলোচনাৰ বিষয় হৈ পৰে। এই পৰ্যন্ত মুম্বাইৰ হৈ ৫ খন মেচত ৭ টা উইকেট দখল কৰিছে ৰাহুলে।

Leave a Reply

Your email address will not be published. Required fields are marked *