শুৱালকুচিৰ চাৰি যুৱকৰ বাইক ৰাইডিং: উদ্দেশ্য শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ

অলিম্পিয়া প্ৰতিবেদন

বাইক ৰাইডিঙেৰে অসমৰ বহু যুৱক-যুৱতীয়ে কৰি গৈছে দুঃসাহসিক ক্ৰীড়া।বিভিন্ন শ্লোগানেৰে বিভিন্ন সময়ত সমাপন কৰিছে এই ক্ৰীড়া।এইবাৰ শুৱালকুছিৰ চাৰি যুৱকৰ প্ৰশংসনীয় পদক্ষেপ ।ছিকিমলৈ বাইকেৰে যাত্রা কৰিলে ৰেড লেভেল বাইকাৰ্চ গ্ৰুপৰ সদস্যই ।
অসম বাইক ৰাইডিঙৰ অন্যতম এক গ্ৰুপ হল ৰেড লেভেল বাইকাৰ্চ গ্ৰুপ ।দেওবাৰে নেহেৰু ষ্টেডিয়ামৰ পৰা বাইকাৰ্চৰ গ্ৰুপৰ চাৰি সদস্যই যাত্রা আৰম্ভ ছিকিম অভিমুখে ।লক্ষ্য শংকৰদেৱ গুৰুজনাৰ সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ।লগতে ড্ৰাগছমুক্ত সমাজ নিৰ্মাণৰ শ্লোগান ।এই উদ্দেশ্য আগত ৰাখি গুৱাহাটীৰ পৰা গেংগটক আৰু গেংগটকৰ পৰা নাথুলালৈ বুলি যাত্রা আৰম্ভ কৰিলে দলটোৱে।বাইক ৰাইডিঙৰ সুন্দৰ অভিজ্ঞতাৰ সৈতে এক দুঃসাহসিক ক্ৰীড়া সম্পাদন কৰিব দলটোৱে ।


দেওবাৰে পুৱা নেহেৰু ষ্টেডিয়ামত এই যাত্রাৰ শুভাৰম্ভণি কৰিলে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে ।এই যাত্রাৰ ফ্লেগ অফ কৰি সাংবাদিক প্ৰণয় বৰদলৈয়ে দলটোক জনালে শুভেচ্ছা ।আনহাতে বিধায়ক দিগন্ত কলিতায়ো দলটোক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে গুৰুজনাৰ সৃষ্টিৰাজি প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দলটোৱে গ্ৰহণ কৰা এই কাৰ্যসূচীৰ শলাগ লয়।


এইদৰেই এতিয়া ইজনৰ পিছত সিজন অসমৰ যুৱকে বাইক ৰাইডিঙেৰে গঢ়িছে ইতিহাস ।দুঃসাহসিক ক্ৰীড়াৰ তালিকাত দেওবাৰে অৰ্ন্তভুক্ত হ’ল ৰেড লেভেল বাইকাৰ্চ গ্ৰুপৰ নাম।দলটোৰ এই যাত্রা সফল হওক তাকেই কামনা কৰিছে ক্ৰীড়াপ্ৰেমী ৰাইজে ।

Leave a Reply

Your email address will not be published. Required fields are marked *